24 C
Guwahati
Saturday, September 18, 2021
More

    ডাঙৰ খবৰ; দুই এদিনৰ ভিতৰতে ঘোষণা কৰা হ’ব মেট্ৰিক-উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ দিন

    ক’ভিড পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্য চৰকাৰে স্থগিত ৰখা মেট্ৰিক-উচ্চতৰ মাধ্যমিকৰ চূ়ড়ান্ত পৰীক্ষাৰ সময়সূচী দুই এদিনৰ ভিতৰতে ঘোষণা কৰা হ’ব।

    আজি জনতা ভৱনত অনুষ্ঠিত এখন সংবাদমেলত শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে এই কথা ঘোষণা কৰে।

    মেট্ৰিক আৰু উচ্চতৰ মাধ্যমিকৰ পৰীক্ষা সন্দৰ্ভত সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত মন্ত্ৰীজনে কয়, ‘খুব সোনকালে আমি সিদ্ধান্ত লম। বিভিন্ন সংগঠন, বিভিন্ন বুদ্ধিজীৱি, শিক্ষাবিদৰ পৰা মতামত গ্ৰহণ কৰা হৈছে’।

    তেওঁ লগতে কয় যে বিভিন্ন পক্ষৰ পৰা মতামত লোৱা হৈছে আৰু আজি বিয়লি ৪.৩০ বজাৰ পিছৰ পৰা এই সন্দৰ্ভত সিদ্ধান্ত গ্ৰহণৰ প্ৰক্ৰিয়া আৰম্ভ হ’ব।

    মন্ত্ৰী পেগুৱে জনোৱা অনুসৰি অনাগত দুই এদিনৰ ভিতৰতে হাইস্কুল শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিকৰ পৰীক্ষাৰ সময়সূচী ঘোষণা কৰিব শিক্ষা বিভাগে।

    অৱশ্যে পৰীক্ষা কেনেধৰণে বা কি পদ্ধতিত অনুষ্ঠিত কৰিব সেই সম্পৰ্কত কোনো ধৰণৰ মন্তব্য প্ৰকাশ নকৰিলে শিক্ষা মন্ত্ৰী পেগুৱে।

    শিক্ষামন্ত্ৰী ৰণোজ পেগুৰ সৈতে সংবাদমেলখনত উপস্থিত আছিল ৰাজ্যৰ বিত্ত মন্ত্ৰী অজন্ত নেওগ।

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং