25.2 C
Guwahati
Monday, October 18, 2021
More

    অহা ১ অক্টোবৰৰ পৰা উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত বৰ্ষৰ বিশেষ পৰীক্ষা

    উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত বৰ্ষৰ বিশেষ পৰীক্ষা ১ অক্টোবৰৰ পৰা ১১ নৱেম্বৰলৈকে অনুষ্ঠিত হ’ব।

    অসম উচ্চতৰ মাধ্যমিক শিক্ষা পৰিষদে (এ এইচ এছ ই চি) এক জাননীত কৈছিল যে ৰাজ্য চৰকাৰে সকলো ক’ভিড-১৯ প্ৰট’কল বজাই ৰাখি পৰীক্ষা অনুষ্ঠিত কৰিবলৈ নিৰ্দেশ দিছে।

    জাননীখনত এইটোও উল্লেখ কৰা হৈছিল যে প্ৰশ্নকাকতবোৰ পৰীক্ষাৰ ১৫ মিনিট আগতে বিতৰণ কৰা হ’ব।

    উল্লেখ্যে যে ক’ভিড পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি পৰীক্ষা অবিহনেই চলিত বৰ্ষৰ উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত বৰ্ষৰ ফলাফল ঘোষণা কৰা হৈছিল।

    ঘোষণা কৰা ফলাফলত অসন্তুষ্ট শিক্ষাৰ্থীসকলৰ বাবে এই বিশেষ পৰীক্ষা অনুষ্ঠিত কৰা হ’ব।

    উল্লেখ্য যে ইয়াৰ পূৰ্বে মেট্ৰিক আৰু হাই মাদ্ৰাছাৰ ফলাফলক লৈ অসন্তুষ্ট শিক্ষাৰ্থী সকলৰ বাবেও অহা ১ অক্টোবৰৰ পৰা বিশেষ পৰীক্ষা অনুষ্ঠিত হ’ব বুলি ঘোষণা কৰি থৈছে ৰাজ্যৰ শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে।

    আৰু পঢ়ক : অতিকে ভয়ংকৰ বনজুই, যি ঠাইত আছে বিশ্বৰ সবাতোকৈ বৃহৎগছজোপা, ৰক্ষাৰ বাবে উঠিপৰি লাগিছে সকলো

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং