ভগৱানৰ ওপৰত ভৰসা ৰাখা- আৰিয়ানৰ সমৰ্থমত ঋত্বিক ৰোশন

0
1168
ভগৱানৰ ওপৰত ভৰসা ৰাখা- আৰিয়ানৰ সমৰ্থমত ঋত্বিক ৰোশন

ভগৱানৰ ওপৰত ভৰসা ৰাখা- আৰিয়ানৰ সমৰ্থমত ঋত্বিক ৰোশন

শ্বাহৰুখ খানৰ পুত্ৰ আৰিয়ান খান ড্ৰাগছৰ গোচৰত অভিযুক্ত হৈ বৰ্তমানে এন চি বিৰ জিম্মাত আছে। মানসিক ভাৱে দুৰ্বল হৈ পৰিছে আৰিয়ান। পিতৃয়েও মানসিক ভাৱে কষ্ট পাইছে। ইটোৰ পিছত সিতোকৈ প্ৰজেক্টৰ কামত না কৰি গৈছে অভিনেতাগৰাকীয়ে।

যাৰ বাবে শ্বাহৰুখ আৰু পুত্ৰ আৰিয়ানৰ সাহস বৃদ্ধি কৰাৰ বাবে বলীউডৰ কেইবাগৰাকী লোক আগবাঢ়ি আহিছে। ঘটনাৰ দিনাই ছলমান খান গৈ উপস্থিত হৈছিল শ্বাহৰুখৰ ঘৰত। ছলমানৰ ভগ্নী, ছোহেইল খানৰ পত্নী আৰু পুত্ৰ সকলোৱে উপস্থিত হৈছিল শ্বাহৰুখৰ মুম্বাই স্থিত মন্নতত।

ছবি নিৰ্মানা হংচল মেহতা, অভিনেত্ৰী পূজা ভাট্ট, লগতে অন্য়ান্য সকলেও মনোবৰ বৃদ্ধিৰ বাবে টুইট যোগেও আশ্বাস বাণী দিয়ে। এইবাৰ শ্বাহৰুখ তনয় আৰিয়ানৰ সমৰ্থনত ঋত্বিক ৰোশন আগবাঢ়ি আহিছে । ইনষ্টাগ্ৰামত শ্বেয়াৰ কৰিছে এক দীঘলীয়া বাৰ্তা।

যি বাৰ্তা পোষ্ট কৰাৰ পিছতে ভাইৰেল হৈ পৰে সামাজিক মাধ্যমত। ঋত্বিকে লিখে- জীৱন একেবাৰেই আচৰিত ধৰণৰ। ভগৱানৰ ওপৰত ভৰসা ৰাখা, ভগৱানে সকলো ঠিক কৰিব। কেৱল নিজৰ মনোবল হৰুৱাই নেপেলাবা।

এই সময় হৈছে তোমাৰ ভৱিষ্যত নিৰ্মাণ কৰাৰ সঠিক সময়। সকলো আন্ধাৰৰ শেষত পোহৰ থাকেই। অন্ধকাৰেৰে গলে হে পোহৰ পোৱা যায়।

View this post on Instagram

A post shared by Hrithik Roshan (@hrithikroshan)

আৰু পঢ়ক : ৫০০-২০০০ টকাৰ নোটৰ পৰা মহাত্মা গান্ধীৰ ফটো আঁতৰাবলৈ অনুৰোধ কংগ্ৰেছ বিধায়কৰ