ধোৱা চাঙত চৰকাৰী আদেশঃ বিয়াৰ অভ্যৰ্থনাত অধিক লোক কেনেদৰে মাতিব??

0
44

আজৱ দেশত গজৱ কাণ্ড। ধোৱা চাঙত উঠিল চৰকাৰী আদেশ। আমাৰ দেশত সকলো সমস্যাৰে সমাধান আছে।

শেহতীয়াতৈ দেশজুৰি কৰ’ণা ভাইৰাছৰ ভয়াবহতাৰ প্ৰতি লক্ষ্য ৰাখি দেশৰ বিভিন্ন ৰাজ্যত ৰাজ্য প্ৰশাসনে বিবাহৰ অভ্যৰ্থনাত ৫০ অথবা ১০০ গৰাকী লোকক নিমন্ত্ৰণ কৰিবলৈ নিৰ্দেশনা জাৰি কৰিছে।

কিন্তু ইয়াৰ পৰৱৰ্তী সময়তে এই সমস্যাৰো সমাধান উলিয়ালে দেশবাসীয়ে। “ৱেডিং সংঘৰ্ষ সমিতিয়ে” জনায় যে এতিয়াৰ পৰা বিবাহৰ অভ্যৰ্থনাত চৰকাৰী নিৰ্দেশনাতকৈও অধিক লোক নিমন্ত্ৰণ কৰিব পাৰিব। কিন্তু কেনেদৰে নিয়মাৱলীসমূহ চাও আহক।

-বিবাহৰ অভ্যথৰ্নাৰ সময় ২/৩ ঘণ্টাৰ বিপৰীতে ৫ ঘণ্টালৈ বৃদ্ধি কৰিব লাগিব।
-বিবাহৰ পেণ্ডেলত এবাৰতে ১০০ জনতকৈ অধিক লোক প্ৰৱেশ কৰিব নিদিব।
-বিশেযকৈ ৪ ৰ পৰা ৫ জোন আলহীক সোধ-পোছ কৰা কামতে নিয়োগ কৰক।
-বিবাহত খাদ্য খুওৱাৰ পাছতে তেওঁলোকে ততাতৈয়াকৈ বিদায় দিয়ক।