14.6 C
Guwahati
Friday, January 21, 2022
More

    উৰুকাৰ নিশা কেনেদৰে বনাব অতি সোৱাদযুক্ত মাটি মাহেৰে হাঁহৰ মাংস, জানো আহক ৰেচিপি

    উৰুকাৰ নিশা কেনেদৰে বনাব অতি সোৱাদযুক্ত মাটি মাহেৰে হাঁহৰ মাংস, জানো আহক ৰেচিপি

    আজি প্ৰতিজন অসমীয়াই হেপাহৰ ভোগালী বিহুক আদৰাত ব্যস্ত হৈ পৰিছে। উৰুকাত এসাজ লগে-ভাগে খোৱাৰ বাবে সকলোৱে নিজৰ সাধ্য অনুসৰি খাদ্য সামগ্ৰী ক্ৰয় কৰিছে।

    উৰুকাত অসমীয়াৰ এবিধ জনপ্ৰিয় ব্যঞ্জন হৈছে হাঁহৰ মাংস। মাটি মাহেৰে বনোৱা হাঁহৰ মাংসৰ জুতি প্ৰতিজন অসমীয়াৰ জিভাৰ আগত।

    কিন্তু কেনেদৰে বনাব মাটি-মাহেৰে হাঁহৰ মাংস জানো আহক।

    প্ৰয়োজনীয় উপাদান- হাঁহৰ মাংস ১ কিলো, আলু ২৫০ গ্ৰাম, পিয়াজ-২৫০ গ্ৰাম, আদা, নহৰু, কেঁচা জলকীয়া, গোটা জিৰাৰ পেষ্ট, ঘৰত প্ৰস্তুত কৰি লোৱা গোটা গৰম মছলাৰ পেষ্ট, মিঠাতেল, মাহপাত, মাটি মাহৰ দাইল- ২০০ গ্ৰাম।

    কেনেদৰে বনাব- প্ৰথমে মাটিমাহ খিনি ২-৩ ঘণ্টামান তিয়াই থব আৰু পাছত বাকলি যোৱাকৈ দাইলখিনি ৩-৪ বাৰ ধুব। আলু আৰু পিয়াজ মধ্যমীয়া আকাৰত কাটি ল’ব লাগিব।

    প্ৰথমে চৌকাত লোহাৰ কেৰাহী তুলি দিব। ভালদৰে গৰম হোৱা কেৰাহীত তেল গৰম হ’ব দিম। তেলত দুখিলা মাহপাত দি পিয়াজখিনি দি ভালদৰে ভাজি লওক। পিয়াজখিনি ভজা হলে তাত আদা আৰু নহৰুৰ পেষ্টখিনি দি ভালদৰে লৰাওক।

    এতিয়া হাঁহৰ মাংসখিনি দি বেছি জুইত লৰাই-লৰাই আধা ঘণ্টামান সময় ভাজক ১৫ মিনিট হৈ যোৱাৰ পাছত আলুখিনি দি দিব আৰু নিমখ দিয়ক। ভালদৰে মাংসই তেল এৰাৰ পাছত মাটিমাহৰ দাইলখিনি দি আৰু ১০ মিনিটমান সময় ভাজক ভজাৰ সময়ত জিৰা গুৰি দিব লগতে কেঁচা জলকীয়াও ৫-৬ টা দি দিব লগতে হালধী দিয়ক।

    ইয়াৰ পাছত মাংসত পানী দি ১ ঘণ্টামান সময়ত বেছি জুইত উতলিবলৈ দিয়ক। ভালদৰে আঞ্জাখিনিৰ উতলাৰ পাছত যেতিয়া গোটা হ’বলৈ ধৰিব গোটা গৰম মছলাৰ পেষ্টখিনি দি নমাই থওঁক।   

    আৰু পঢ়ক : আৰু এগৰাকী বিজেপি বিধায়কৰ পদত্যাগ, চিন্তাত দলৰ শীৰ্ষ নেতৃত্ব

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং