22.9 C
Guwahati
Thursday, October 21, 2021
More

    কৰ’ণাৰ মাজত দেৱালী আৰু অন্য উৎসৱ কেনেদৰে উদযাপন কৰিব? জাননী জাৰি চৰকাৰৰ

    কৰ’ণাৰ মাজত দেৱালী আৰু অন্য উৎসৱ কেনেদৰে উদযাপন কৰিব? জাননী জাৰি চৰকাৰৰ

    ভাৰতে এতিয়াও ক’ভিড-১৯ ৰ দ্বিতীয় ঢৌৰ পৰা পৰিত্ৰাণ পোৱা নাই বুলি বৃহস্পতিবাৰে পুনৰ এবাৰ প্ৰকাশ কৰে স্বাস্থ্য মন্ত্ৰালয়ে।

    ইয়াকে লৈ স্বাস্থ্য মন্ত্ৰালয়ে কয় যে মানুহে ঘৰত ভিৰ নকৰাকৈ দেৱালী, ঈদ আৰু গণেশ চতুৰ্থীৰ দৰে উৎসৱ উদযাপন কৰা উচিত।

    নীতি আয়োগৰ সদস্য আৰু ক’ভিড-১৯ টাস্ক ফ’ৰ্চৰ মুৰব্বী ড০ ভি কে পলে কয়, “গণেশ চতুৰ্থী, দেৱালী আৰু ঈদ আহি আছে। এই বছৰো, যোৱা বছৰৰ দৰে তেওঁলোকক প্ৰতিবন্ধক ভাৱে উদযাপন কৰিব লাগিব আৰু আমাৰ সকলোকে ঘৰত থাকিবলৈ অনুৰোধ জনাব লাগিব।”

    কৰ’ণা ভাইৰাছ মহামাৰী সন্দৰ্ভত স্বাস্থ্য মন্ত্ৰালয়ৰ তৰফৰ পৰা দিয়া ভাষণত তেওঁ কয়, “যোৱা বছৰৰ দৰে উৎসৱবোৰ কম ধৰণে উদযাপন কৰা উচিত। যিকোনো ৰাজহুৱা স্থানত মাস্ক পিন্ধাটো বাধ্যতামূলক।”  

    আৰু পঢ়ক : পত্নী পলাই যোৱা বুলি ৰচিছিল নাটক,৪ দিন পিছত উদ্ধাৰ মৃতদেহ, স্বামীয়ে নিৰ্মমভাৱে কৰিছিল হত্যা

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং