26 C
Guwahati
Monday, September 26, 2022
More

    জানেনে এতিয়া আমি ব্যৱহাৰ কৰা জাতীয় পতাকা ১৯৪৭ৰ ২২ জুলাইত হে চূড়ান্ত কৰা হৈছিল, তাৰ পূৰ্বে আছিল কেইবাবিধৰো ভিন্ন ভিন্ন নক্সাৰ পতাকা

    জানেনে এতিয়া আমি ব্যৱহাৰ কৰা জাতীয় পতাকা ১৯৪৭ চনৰ ২২ জুলাইত হে চূড়ান্ত কৰা হৈছিল, তাৰ পূৰ্বে আছিল কেইবাবিধৰো ভিন্ন ভিন্ন নক্সাৰ পতাকা

    ২০২২ চনৰ ১৫ আগষ্ট তাৰিখে ভাৰতবৰ্ষই উদযাপন কৰিব দেশৰ ৭৫ সংখ্য়ক স্বাধীনতা দিৱস। যাৰ বাবে সমগ্ৰ দেশেই এই ৭৫ সংখ্যক স্বাধীনতা দিৱস উপলক্ষে স্বাধীনতাৰ অমৃত মহোৎসৱ হিচাপে উদযাপন কৰিব।

    সেই উদ্দ্যেশ্যে চৰকাৰৰ ফালৰ পৰাও দেশৰ সকলো জনসাধাৰণকে ঘৰে ঘৰে জাতীয় পতাকা উৰুৱাই ৰাখিবলৈয়ো আহ্বান জনাইছে। ১৩ আগষ্টৰ পৰা ১৫ আগষ্টলৈ ঘৰে ঘৰে ত্ৰিৰংগ অৰ্থাৎ জাতীয় পতাকা উৰুৱাই দেশৰ প্ৰতি সন্মান যাচিবলৈ আহ্বান জনাইছে।

    পাছে জানেনে, বৰ্তমানে আমি দেশৰ মান হিচাপে ব্যৱহাৰ কৰা জাতীয় পতাকা খন বহু নক্সাৰ অন্ততহে চূড়ান্ত কৰা হৈছিল। তাৰ পূৰ্বলৈ জাতীয় পতাকাৰ প্ৰতীকি হিচাপে ব্যৱহাৰ কৰা হৈছিল বহু কেইবিধ ভিন্ন নক্সাৰ পতাকা।

    ১৯৪৭ চনৰ ২২ জুলাই তাৰিখেহে চূড়ান্ত হৈছিল মাজত অশোক চক্ৰ তথা ধৰ্মচক্ৰৰ সৈতে ত্ৰিৰংগ তথা দেশৰ জাতীয় পতাকা। ২২ তাৰিখে সকলোৰে সৰ্বসন্মতি সাপেক্ষে জাতীয় পতাকা চূড়ান্ত কৰি ১৯৪৭ চনৰ ১৫ আগষ্ট তাৰিখে দেশ স্বাধীন হোৱাৰ প্ৰথমটো দিন হিচাপে নতুন জাতীয় পতাকা দেশৰ প্ৰান্তে প্ৰান্তে উত্তোলন কৰা হৈছিল।

    কিন্তু তাৰ পূৰ্বলৈ ব্ৰিটিছ শাসনৰ অধীনত থকা ভাৰতবৰ্ষত সময়ে সময়ে সলনি হৈ আহি আছিল কেইবাখনো ভিন্ন ভিন্ন নক্সাৰ একাধিক পতাকা। দেশত প্ৰথমবাৰৰ বাবে এই জাতীয় পতাকাৰ ধাৰণা আনিছিল ব্ৰিটিছেই। চিপাহী বিদ্ৰোহৰ পাছতে দেশে লাভ কৰিছিল প্ৰথমখন পতাকা।

    কলকাতা পতাকা-

    ১৯০৬ চনৰ ৭ আগষ্টত কলকাতাৰ পাৰ্চিবাগান স্কোয়াৰত বংগ ভংগ বিৰোধী এখন সভাত প্ৰথমখন তিনিটা ৰং থকা পতাকা উত্তোলন কৰা হয়। এই পতাকা উত্তোলন কৰিছিল শচীন্দ্ৰপ্ৰসাদ বসুৱে। পতাকাখন কলকাতা পতাকা নামেৰে পৰিচিত হয়। এই পতাকাত সুমথিৰা, হালধীয়া আৰু সেউজীয়া ৰং আছিল। উপৰৰ ভাগটোত আঠপাহ অৰ্ধ-প্ৰস্ফুটিত পদুম আৰু তলৰ ভাগত সূৰ্য আৰু অৰ্ধচন্দ্ৰ অংকিত আছিল। মাজত দেৱনাগৰী হৰফত লিখিত আছিল “বন্দে মাতৰম”।

    বাৰ্লিন কমিটি পতাকা
    ১৯০৭ চনৰ ২২ জুলাইত জাৰ্মানীৰ ষ্টাটগাৰ্ট চহৰত ভিখাজী কামাই অন্য এখন তিনি ৰঙৰ পতাকা উত্তোলন কৰে। এই পতাকাৰ ওপৰত আছিল সেউজীয়া, মাজত গেৰুৱা আৰু তলত আছিল ৰঙা ৰং। ভিখাজী কামা, বীৰ সাভাৰকৰ আৰু শ্যামজি কৃষ্ণ বৰ্মাই একেলগে এই পতাকাৰ নক্সা অংকন কৰিছিল। প্ৰথম বিশ্বযুদ্ধৰ শেষ হোৱাৰ পাছত বাৰ্লিন কমিটিত ভাৰতীয় বিপ্লৱীসকলে এই পতাকাখন গ্ৰহণ কৰে।

    যঁতৰ সম্বিলিত পতাকা
    ১৯১৬ চনত অন্ধ্ৰপ্ৰদেশৰ পিংগলি ভেংকয়াই এখন সাধাৰণ জাতীয় পতাকাৰ ৰূপদানৰ চেষ্টা কৰে। ভেংকায়াই এই পতাকাৰ বাবে মহাত্মা গান্ধীৰ অনুমোদন বিচাৰি যোৱাত গান্ধীজীয়ে তেওঁক “ভাৰতৰ মূৰ্তপ্ৰতীক আৰু দেশৰ সকলো অমংগলহাৰী যঁতৰৰ চিত্ৰ পতাকাত যোগ কৰাৰ পৰামৰ্শ দিয়ে। মহাত্মা গান্ধীৰ পৰামৰ্শ মতেই যঁতৰ ৰঙা আৰু সেউজীয়া প্ৰেক্ষাপটত দাঙি ধৰি এখন পতাকা প্ৰস্তুত কৰে।

    ভাৰত-ব্ৰিটেইন সংযুক্ত পতাকা-
    পতাকাৰ আন এটা সংস্কৰণ ১৯১৭ চনত বাল গংগাধৰ তিলকে উত্তোলন কৰিছিল। ইয়াত ৫ টা ৰঙা আৰু ৪টা সেউজীয়া পাৰী আছিল, তাৰ ওপৰত আছিল ভাৰত আৰু ব্ৰিটেইনৰ সংযুক্ত হোৱাকৈ বাওফালে যুক্তৰাজ্যৰ পতাকা, সোফালে এটা অৰ্ধচন্দ্ৰ আৰু মাজভাগত সপ্তঋষি নক্ষত্ৰমণ্ডল।

    যঁতৰ সম্বিলিত পতাকা-
    ১৯২১ চনত বেচৰকাৰীভাৱে গৃহীত হয় পতাকাৰ কেন্দ্ৰত যঁতৰ সম্বলিত পতাকা। এই পতাকাত যঁতৰৰ নক্সা হে দিয়া গৈছিল। পতাকাৰ ওপৰত আছিল বগা ৰং, মাজত সেউজীয়া আৰু তলত ৰঙা। কিন্তু ইয়াতো আপত্তি দৰ্শাই বহু লোকে।

    আজাদ হিন্দ ফৌজ যুদ্ধ পতাকা-
    ১৯৩১ চনৰ কৰাচী কংগ্ৰেছ অধিবেশনত পতাকা সংক্ৰান্ত সৰ্বশেষ প্ৰস্তাৱটো গৃহীত হয়। পিংগলি ভেংকয়াই অঁকা এখন তিনিটা ৰং থকা পতাকা গৃহীত হয়। এই পতাকাত আনুভূমিক গেৰুৱা, বগা আৰু সেউজীয়াৰ সোঁমাজত এটা যঁতৰ অঁকা আছিল। গেৰুৱা ত্যাগ; বগা সত্য আৰু শান্তি আৰু সেউজীয়া বিশ্বাস আৰু প্ৰগতিৰ প্ৰতীক তথা যঁতৰ ভাৰতৰ অৰ্থনৈতিক পুনৰুজ্জীৱন আৰু দেশবাসীৰ শ্ৰমশীলতাৰ প্ৰতীক হিচাপে গৃহীত হয়।

    আজাদ হিন্দ পতাকা-
    ১৯৩১ চনতেই আজাদ হিন্দ ফৌজ ব্যৱহৃত পতাকাত “Azad Hind” (আজাদ হিন্দ) কথাষাৰ আৰু যঁতৰৰ পৰিবৰ্তে এটা জঁপিয়াই থকা বাঘৰ ছবি যোগ কৰা হয়। এইটো আছিল মহাত্মা গান্ধীৰ অহিংস আন্দোলনৰ প্ৰতি অনাস্থাৰে সুভাষচন্দ্ৰ বসুৰ সশস্ত্ৰ সংগ্ৰামৰ প্ৰতীক। উত্তৰ পূৱৰ ৰাজ্য মণিপুৰত প্ৰথমবাৰ সুভাষচন্দ্ৰ বসুৱে এই অহিংস পতাকা উত্তোলন কৰে।

    শেষত ১৯৪৭ চনৰ ২৩ জুনত এখন বিশেষ কমিটি গঠন কৰা হয়। ৰাজেন্দ্ৰ প্ৰসাদৰ নেতৃত্বত এই কমিটিত থাকে মৌলানা আবুল কালাম আজাদ, সৰোজিনী নাইডু, চক্ৰৱৰ্তী ৰাজাগোপালাচাৰী, কে এম মুন্সী আৰু বি আৰ আম্বেডকাৰ। বহু আলোচনাৰ অন্তত এই সিদ্ধান্তত উপনীত হয় যে, ভাৰতৰ জাতীয় পতাকাত কোনো সাম্প্ৰদায়িক গুৰুত্ব থাকিব নোৱাৰিব। যঁতৰৰ পৰিৱৰ্তে সাৰনাথ স্তম্ভৰ পৰা ধৰ্মচক্ৰ-টো গৃহীত হয় পতাকাত।

    অৱশেষত ১৯৪৭ চনৰ ১৫ আগষ্টত স্বাধীন ভাৰতত প্ৰথমবাৰৰ বাবে উত্তোলন কৰা হয় সৰ্বধৰ্মৰ সন্মতি সাপেক্ষে থকা ত্যাগ, সত্য, শান্তি, বিশ্বাস আৰ প্ৰগতিৰ প্ৰতীক হিচাপে থকা ধৰ্মচক্ৰ তথা অশোকচক্ৰৰ চিহ্ন থকা ভাৰতবৰ্ষৰ জাতীয় পতাকা।

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং