
দীৰ্ঘদিনীয়া প্ৰস্তুতিৰ অন্তত অৱশেষত আহিল এই ক্ষণ। বিটিচি নিৰ্বাচন অনুষ্ঠিত হোৱাৰ অন্তত শনিবাৰে ভোটগ্ৰহণ অনুষ্ঠিত হৈছে। বিটিএডি এলেকাৰ ৪ খন জিলাৰ মুঠ ৪০ টা সমষ্টিত দুটা পৰ্যায়ত নিৰ্বাচন অনুষ্ঠিত হৈছিল।
প্ৰথমে ওদালগুৰি আৰু বাক্সা জিলাত ভোটগণনা অনুষ্ঠিত হৈছিল। দ্বিতীয় পৰ্যায়ত ভোটগ্ৰহণ হৈছিল কোকৰাঝাৰ আৰু চিৰাং জিলাত। দুপৰীয়া ১২ বজালৈকে বিপিএফে ৮খন, বিজেপি ৬ খন, ইউপিপিএলে ২৪খন, জিএছপি আৰু এআইইউডিএফে লাভ কৰিছে এখনকৈ আসন।
এই দিশৰ পৰা চাবলৈ গ’লে ইউপিপিএলেই অধিকাংশ আসনত আগবাঢ়ি আছে। অৱশ্যে কিছু সংখ্যক ভোটহে এতিয়ালৈকে গণনা কৰা হৈছে। অধিকাংশ ভোট বৰ্তমানেও গণনা কৰা হোৱা নাই।
এইখিনিতে মন কৰিবলগীয়া যে, ২০১৫ চনৰ নিৰ্বাচনত সৰ্বাধিক ২০ খন আসন লাভ কৰিছিল বিপিএফে। তাৰ পিছতে নিৰ্দলীয় প্ৰাৰ্থীয়ে লাভ কৰিছিল ১৫খন আসন। এআইইউডিএফে ৮ খন আসনত খেলি ৪ খন লাভ কৰিবলৈ সক্ষম হৈছে। ঠিক তেনেদৰে বিজেপিয়ে লাভ কৰিছিল এখন আসন।
ভাৰতীয় জাতীয় কংগ্ৰেছে ৪০ খন আসনত নিৰ্বাচন খেলি এখনো আসন লাভ কৰিবলৈ সক্ষম নহ’ল। অসম গণ পৰিষদেও ৬ খন আসনত প্ৰতিদ্বন্দ্বিতা কৰি এখনো আসন লাভ নকৰে। তাৰ পূৰ্বে ২০১০ চনত বিপিএফে লাভ কৰিছিল ৩১ খন আসন।
অৱশ্যে ২০১০ চনৰ তুলনাত বিপিএফৰ ১১ খন আসন হ্ৰাস পাইছিল। কংগ্ৰেছে ৩ খন আসন লাভ কৰিছিল। ২০১৫ চনৰ নিৰ্বাচনত বুজন সংখ্যক ভোট লাভ কৰিছিল নিৰ্দলীয় প্ৰাৰ্থীয়ে। উল্লেখ্য যে, মুঠ ভোটৰ ৪৭ শতাংশ নিৰ্দলীয় প্ৰাৰ্থীয়ে লাভ কৰিছিল। তাৰ বিপৰীতে ২০ খন আসন লাভ কৰা বিপিএফৰ মুঠ ভোট আছিল ২৮.৫ শতাংশ। এনে পৰিস্থিতিত বিটিচিত কোনে চৰকাৰ গঠন কৰিবলৈ সক্ষম হ’ব সেয়া সময়তহে গম পোৱা যাব।