
মুখ্যমন্ত্ৰীৰ আহ্বানৰ পাছতে কিমানে প্ৰত্যাহাৰ কৰিলে পি এছ অ…প্ৰকাশ পাইছে তালিকা, মুঠ সংখ্যা ৭২৬
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰাৰ পাছতে ৰাজ্যৰ নেতা লগেত বিশেষ ব্যক্তি সকলে নিজৰ নিজৰ পি এছ অ তথা সুৰক্ষা কৰ্মী প্ৰত্যাহাৰ কৰিবলৈ ধৰিছে। আজি প্ৰকাশ পাইছে এখন তালিকা কিমানে প্ৰত্যাহাৰ কৰিছে নিজৰ নিজৰ সুৰক্ষা কৰ্মী।
প্ৰকাশ পোৱা তালিকা অনুসৰি বৰ্তমানলৈ মুঠ ৭২৬ গৰাকী লোকে প্ৰত্যাহাৰ কৰিছে নিজৰ সুৰক্ষা কৰ্মী। সুৰক্ষাকৰ্মী প্ৰত্যাহাৰ কৰা সকলৰ ভিতৰত আছে প্ৰক্তন মন্ত্ৰী,প্ৰাক্তন সাংসদ, প্ৰাক্তন বিধায়ক, অধ্যক্ষ, জিলাৰ শীৰ্ষ পৰ্যায়ৰ নেতাসকল আৰু ব্যৱসয়ী সকলে।

ইয়াৰে ভিতৰত পি এছ অ প্ৰত্যাহাৰ কৰিছে ৫৩১ গৰাকী লোকে। তাৰ সমান্তৰালকৈ এছকৰ্ট প্ৰত্যাহাৰ ৪৭ গৰাকীৰ, লীড চিকিউৰিটি ৪ গৰাকীয়ে আৰু ১৪৪ গাৰকীয়ে গৃহ সুৰক্ষা কৰ্মী প্ৰত্যাহাৰ কৰিছে।
উল্লেখ্য যে, ২৫ ডিচেম্বৰ তাৰিখে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই পি এছ অ সংস্কৃতি নাইকিয়া কৰাৰ পোষকতা কৰিছিল। তেওঁ কৈছিল যে, ৰাইজৰ মানুহক পি এছ অ কিয় লাগে। আমি নিজৰ গাড়ীৰ দৰ্জা নিজেই খুলিব পাৰিম।
আৰু পঢ়ক : বিশেষ ৰেষ্টোৰেণ্ট, ইয়াত এবাৰ সোমালে প্ৰাণ বায়ু কপি যোৱা অৱস্থা হ’ব! দেখা পাব …