গাৰ বিষ হোৱাও কেন্সাৰ(কৰ্কট)ৰোগৰ লক্ষণ বুলি ধৰা হয়, কেন্সাৰৰ প্ৰাথমিক লক্ষণসমূহ জানি লওক…

0
277

গাৰ বিষ হোৱাও কেন্সাৰ(কৰ্কট)ৰোগৰ বুলি ধৰা হয়, কেন্সাৰৰ প্ৰাথমিক লক্ষণসমূহ জানি লওক…

১)পাকস্থলীৰ সমস্যা –
পাকস্থলীত সামান্য সমস্যা হোৱাতো বৰ বেছি চিন্তনীয় বিষয় নহয়। কাৰণ সকলো ব্যক্তিৰেই কিবা নহয় কিবা সৰু সুৰা সমস্যা থাকেই। কিন্তু অনবৰত পাকস্থলীত সমস্যা হৈ থকাতো কেন্সাৰৰ প্ৰাথমিক লক্ষণ হব পাৰে।

২)ৰক্তস্ৰাৱ হোৱা –
অনবৰতে ৰক্তস্ৰাৱ হোৱাতো কেন্সাৰৰ লক্ষণ হব পাৰে। যদি কেন্সাৰৰ সম্ভাৱনা থাকে তেনেহ’লে অন্ত্ৰত হোৱা ঘাঁৰ পৰা মলাশয়ৰ দ্বাৰা তেজ বাহিৰ হৈ থাকে। বিশেষকৈ কলন কেন্সাৰ সম্ভাৱনা থাকিলে এনেকুৱা সমস্যা হব পাৰে।

৩)অত্যাধিক ঘমা –
যদি ৰাতি শুৱাৰ সময়ত ঘাম অত্যাধিক ওলাই তেনেহ’লে এইয়া কোনো ঔষধৰ সেৱন কৰাৰ বাবে শৰীৰত পৰা প্ৰভাব বা অন্ত্ৰত হোৱা সংক্ৰমনৰ সংকেতো হব পাৰে। যদি এই সমস্যা ধাৰাবাহিকভাৱে কেইবা সপ্তাহলৈ হৈ থাকে আৰু শৰীৰৰ ঘাম ওলোৱা বন্ধ নহয়, তেনেহ’লে আপুনি যিমান সোনকালে পাৰে ডাক্তৰৰ পৰামৰ্শ গ্ৰহণ কৰক।

৪)গাৰ বিষ হোৱা আৰু দূৰ্ব্বল অনুভৱ হোৱা-
বেয়াকৈ খোৱা বা দীঘলীয়া সময় ধৰি অসুবিধাজনক ভাবে বহি থাকিলে পিঠিৰ বিষ হোৱাটো স্বাভাৱিক কিন্ত কোনো কাৰণ নোহোৱাকৈ দীৰ্ঘদিন ধৰি পিঠিত বিষ হোৱাটো কেন্সাৰৰ কাৰন হব পাৰে। ইয়াৰ উপৰিও কঁকালৰ ওচৰৰ মাংস পেশী বোৰতো বিষ হোৱা, কোনো ধৰণৰ শ্ৰম নোহোৱাকৈ খুউব ভাগৰুৱা অনুভৱ কৰা আদিক কেন্সাৰৰ প্ৰাৰম্ভিক লক্ষণ হিচাপে গন্য কৰা হয়।

৫)ওজন কমি যোৱা –
কোনো ধৰণৰ কাৰণ নোহোৱোকৈ দেহৰ ওজন কমি যোৱাটো কেন্সাৰৰ প্ৰাৰম্ভিক লক্ষণ হব পাৰে। ভোক নলগা খাদ্য খাবলৈ ইচ্ছা নকৰা বা যথেষ্ট পৰিমানৰ খাদ্য খাব নোৱাৰাটোও কেন্সাৰৰ প্ৰাৰম্ভিক লক্ষণ হব পাৰে।

৬)সঘনাই জ্বৰ হোৱা আৰু ইনফেকশ্যন হোৱা –
দীৰ্ঘ সময় ধৰি জ্বৰত ভূগি থকাতোও অথবা ইনফেকশ্যন হৈ থকাতো কেন্সাৰৰ কাৰণ হব পাৰে। অত্যাধিক ভাগৰ অনুভৱ কৰাঃ-সাংঘাতিকভাৱে একেৰাহে দূৰ্বল হৈ থকা অথবা ভগৰুৱা অনুভৱ কৰাতো বিভিন্ন ধৰণৰ কেন্সাৰৰ কাৰণ হব পাৰে।