শুভ নে অশুভ দীপাৱলী! চৰকাৰৰ নিৰ্দেশক বুঢ়া আঙুলি দেখুৱাই দীপাৱলী উদযাপন কিমান ভয়াবহ

0
209

বায়ু প্ৰদূষণ ৰোধ আৰু কভিড ৰোগীৰ সুক্ষাৰ বাবে চৰকাৰৰ ফটকা নিষিদ্ধ আহ্বান ধোৱা চাঙত তুলিলে হাজাৰ হাজাৰ লোকে। গ্ৰীণ দীপাৱলী চিঞৰি থকাৰ পিছতো চাৰিওফালে ফটকাৰ শব্দ আৰু ধোঁৱা। যাৰ ফলত পৰিস্থিতি কিছু অৱনমিত হোৱাৰ আশংকাই দেখা দিছে।

অসম প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদৰ ফালৰ পৰা জানিব পৰা মতে নিষিদ্ধ হোৱাৰ পিছতো ফটকাৰ বাবে গুৱাহাটীত দীপাৱলীৰ এই মাত্ৰ দুটা দিনতে প্ৰদূষণ ভালেখিনি বৃদ্ধি পাইছে। ১৩ নৱেম্বৰ দীপাৱলীৰ দিনটোত বায়ুৰ গুণগত মান আছিল ১০৬, আৰু ১৪ নৱেম্বৰৰ দীপাৱলীৰ প্ৰথমটো দিনত এই গুণাগুণ একেকোবে বৃদ্ধি পাই হয় গৈ ১৫২।

আনহাতে আজিৰ দীপাৱলীৰ দ্বিতীয়টো দিনত এই গুণাগুণ আৰু বৃদ্ধি পাই, ১৭২ হয়গৈ । AQI হৈছে বায়ুৰ গুণাগুণৰ মান। এই মান ০-৫০ৰ ভিতৰত থাকিলে ভাল, ৫১-১০০ সন্তুষ্টিদায়ক, ১০১-২০০ আৰু তেনেকৈ তাৰ ওপৰ হলে বেয়া বুলি ধৰা হয়।

বায়ুৰ মান ১০১ৰ পৰা ২০০ৰ ভিতৰত থাকিলে হৃদৰোগৰ সমস্যা থকা, হাপানী ৰোগ থকা,শিশু আৰু বয়োবৃদ্ধ সকলৰ বাবে উশাহ নিশাহ লোৱাত কষ্ট হয়। যি কভিড ৰোগীৰ ক্ষেত্ৰত আৰু অধিক কষ্টদায়ক হয়, কিয়নো কভিড ৰোগীৰ পূৰ্বৰে পৰাই এই সমস্যা থাকে।

সেয়েহে চৰকাৰৰ ফালৰ পৰা বাৰম্বাৰ জনসাধাৰণক অনুৰোধ কৰিছিল কভিডৰ এই সময় চোৱাত ফটকাৰ ব্যৱহাৰ নকৰিবলৈ আৰু গ্ৰীণ দীপাৱলী কৰিবলৈ। কিন্তু অমান্য মানুহৰ বাবে মাথো এটা দিনতে বায়ুৰ গুণাগুণৰ মানত বহুত পাৰ্থক্য দেখিবলৈ পোৱা গৈছে।

ৰিপোৰ্ট অনুযায়ী, লকডাউনৰ পূৰ্বে মাৰ্চ মাহত গুৱাহাটী মহানগৰীৰ বায়ুৰ গুণাগুণ আছিল মাহিলী গড় হিচাপত ১২৫, কিন্তু তাৰ পিছতে ঘোষণা কৰা লকডাউনৰ বাবে এপ্ৰিল মাহত এই গুণাগুণ কমি যায় ৪৭ লৈ। যিটো অতি উন্নত বায়ু বুলি ধৰা হয়।

তেনেদৰে মে’ মাহত ৫২, জুনত ৪৫, জুলাই ৪২, আগষ্ট ৩৯, ছেপ্টেম্বৰ ৪৮। কিন্তু লকডাউন খোলাৰ পিছতে অক্টোবৰ মাহৰ ১ তাৰিখে এই মান আছিল ৮২। আৰু মাহৰ শেষলৈ এই মান ৮৭ হয়গৈ।

কিন্তু নৱেম্বৰ মাহত সকলো খোলা দিয়াৰ পিছতে এই মান হয় ১০৩। আৰু ক্ৰমান্বয়ে এই মান বৃদ্ধি পাবলৈ ধৰে।

আনহাতে মহানগৰীত ফটকাৰ বিক্ৰী আৰু ব্যৱহাৰ নিষিদ্ধ হোৱাৰ পিছতো আৰক্ষীয়ে তিনি ঠাইত অবৈধ ফটকা বিক্ৰী কৰা ধৰা পেলাইছে।

গুৱাহাটী আৰক্ষী আয়ুক্ত মুন্না প্ৰসাদ গুপ্তাই জনোৱা অনুসৰি দীৱালীৰ এই সময়চোৱাত এনে অবৈধ ফটকা বিক্ৰী কৰোতা ধৰা পেলাবলৈ আৰক্ষীৰ ২০ টা বিশেষ দল গঠন কৰি দিছিল। । সেই আৰক্ষীৰ দলটোৱে তিনি ঠাইৰ পৰা ৫ জন অবৈধ বিক্ৰেতাক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে।

উল্লেখ্য যে, বায়ুৰ গুণাগুণৰ মান নিৰ্ণয় কৰিবলৈ গুৱাহাটীত মুঠ ৬ টা ষ্টেছন আছে। সেই কেইটা হৈছে খানাপাৰা, বামুনীমৈদাম, ৰীহাবাৰী আই টি আই কলেজ, প্ৰাগজ্যোতিষ কলেজ, জালুকবাৰী আৰু বৰাগাওঁ।

Photo Credit: Deccan Herald