শ্ৰদ্ধা হত্যাৰ গোচৰত তিহাৰ জেলত আফতাবৰ প্ৰথম নিশা কেনেদৰে পাৰ হ’ল! চিচিটিভিত বন্দী হ’ল সমগ্ৰ দৃশ্য

0
447

শ্ৰদ্ধা হত্যাৰ গোচৰত তিহাৰ জেলত আফতাবৰ প্ৰথম নিশা কেনেদৰে পাৰ হ’ল! চিচিটিভিত দেখা গৈছে সমগ্ৰ দৃশ্য

শ্ৰদ্ধা হত্যাকাণ্ডৰ অভিযুক্ত আফতাবক ইতিমধ্যে ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰা হৈছে। দিল্লীৰ তিহাৰ কাৰাগাৰত আফতাবে প্ৰথম নিশা অতি উত্তেজনাভাবে কটালে।

সূত্ৰ অনুসৰি, যেতিয়া আফতাবক ৪ নম্বৰ জেলৰ কোঠালৈ অনা হৈছিল তেতিয়ালৈকে তেওঁ স্বাভাৱিক অৱস্থাতেই আছিল। লগৰবোৰে যেতিয়া তেওঁৰ লগত কথা পাতিবলৈ আৰম্ভ কৰিছিল, তেতিয়া তেওঁ কেৱল ইংৰাজীতে কথা পাতিছিল। কিন্তু পাছত জেইল ৱাৰ্ডেনে আফতাবক বাকী কয়দীসকলৰ পৰা আঁতৰি থাকিবলৈ কয়, তাৰ পাছত তেওঁ মানসিক চাপত ভুগিছিল বুলি জানিবলৈ দিয়ে।

সংবাদ নাধ্যমৰ তথ্য অনুসৰি আফতাবে তিহাৰ জেলৰ মেনুৱেল অনুসৰি সাধাৰণ খাদ্যকে খাইছিল। আফতাবে গোটেই ৰাতিটো সম্পূৰ্ণ শৰীৰ কম্বলেৰে ঢাকি কোনো একো শব্দ নকৰাকৈয়ে কেৱল শুই থাকিল। এই সময়ছোৱাত তেওঁক গোটেই সময়খিনি চিচিটিভিৰ দ্বাৰা নিৰীক্ষণ কৰা হৈছিল।

উল্লেখযোগ্য যে, আফতাবৰ নাৰ্কো টেষ্ট সোমবাৰে কৰিব পাৰিব। শ্ৰদ্ধা হত্যাকাণ্ডৰ সমগ্ৰ সত্যতা নাৰ্কো টেষ্টত ওলাই আহিব বুলি আশা কৰা হৈছে। শনিবাৰে শুনানিৰ অন্তত আদালতে শ্ৰদ্ধা হত্যাকাণ্ডৰ অভিযুক্ত আফতাবক ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰে। ইয়াৰ পূৰ্বে তেওঁ আৰক্ষীৰ ৰিমাণ্ডত আছিল।

দিল্লী, উত্তৰাখণ্ড, হাৰিয়ানা, হিমাচল প্ৰদেশ আৰু মহাৰাষ্ট্ৰত আৰক্ষীয়ে তদন্ত কৰে। আফতাবকো ছটাৰপুৰৰ নিজৰ ঘৰলৈ লৈ যোৱা হয় য’ত তেওঁ নৃশংসভাৱে শ্ৰদ্ধাক হত্যা কৰি মৃতদেহ কাটি পেলাইছিল।