
অসম বাজেট ২০২২-২৩, কি কি বিভাগত নিযুক্তি দিয়া হ’ব ১ লাখ যুৱক-যুৱতীক?
ৰাজ্যৰ বিত্ত মন্ত্ৰী অজন্তা নেওগে আজি অসম বিধানসভাৰ মজিয়াত হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ প্ৰথমখন পূৰ্ণাংগ বাজেট দাখিল কৰি ৰাজ্য চৰকাৰ ১ লাখ যুৱক-যুৱতীক নিয়োগৰ সুবিধা প্ৰদান কৰিবলৈ প্ৰতিশ্ৰুতিবদ্ধ বুলি উল্লেখ কৰে।
এই এক লাখ নিযুক্তিৰ ভিতৰত ইতিমধ্যে ৰাজ্য চৰকাৰে স্বাস্থ্য বিভাগত ১০৪ গৰাকী, গৃহ বিভাগত ১২৩ গৰাকী আৰু শিক্ষা বিভাগত ৯৩০ গৰাকী যুৱক-যুৱতীক নিযুক্তি দিয়া হৈছে বুলি অজন্তা নেওগে প্ৰকাশ কৰে।
ৰাজ্য চৰকাৰে নিযুক্তি দিবলগীয়া ১ লাখ পদৰ ভিতৰত গৃহ বিভাগত ১৬,৬৫৪ টা, প্ৰাথমিক শিক্ষা বিভাগত ১০,০০০ টা পদ, কাৰিকৰী শিক্ষা বিভাগত ২৯৬ টা পদ, এছ চি ই আৰ টি সঞ্চালকালয়ত ২৭৯ টা, মাধ্যমিক শিক্ষা বিভাগত ১৩,৫৬৮ টা পদ, উচ্চ শিক্ষা বিভাগত ১৮৯১ টা পদ, স্বাস্থ্য বিভাগত মুঠ ৬০৯৮ টা পদ, পৰিবেশ আৰু বন বিভাগত ২১৪৮ টা পদ, তৃতীয় আৰু চতুৰ্থ বৰ্গৰ ১৩,৫৭২ টা আৰু ১৩৭৮৭ টা পদ, অসম লোকসেৱা আয়োগে গ্ৰেড-১ৰ বাবে ৩,৫৮৭ টা পদ আৰু গ্ৰেড-২ৰ বাবে ১৫৬৮ টা পদ পুৰণ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে বুলি বিত্ত মন্ত্ৰী অজন্তা নেওগে সদৰী কৰে।
ইতিমধ্যে ৰাজ্য চৰকাৰে বহু সংখ্যক পদত নিযুক্তি দিয়া প্ৰক্ৰিয়া প্ৰায় চূড়ান্ত কৰিছে আৰু শীঘ্ৰে ১ লাখ পদত নিযুক্তি প্ৰদান সম্পুৰ্ণ হ’ব বুলি অজন্তা নেওগে কয়।
আৰু পঢ়ক : অসম বাজেট ২০২২-২৩, ৰাজ্যৰ ছাত্ৰ-ছাত্ৰীৰ বাবে কি কি বিশেষ ঘোষণা?