ভয়ংকৰ পথ দূৰ্ঘটনা; পথৰ পৰা বাহন উফৰি গৈ পৰিল নৈত, থিতাতে ১জন নিহত

দুৰ্ঘটনাটোত অল্ট' বাহনখন একেবাৰে ভাঙি চূৰ্ণ বিচূৰ্ণ হৈ পৰে

0
162

আজি পুৱাৰ ভাগতে নলবাৰীত সংঘটিত হয় এক ভয়ংকৰ পথ দূৰ্ঘটনা। ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা নোনা নৈত উফৰি পৰিল এখন অল্ট’ বাহন। গুৱাহাটীৰ পৰা নলবাৰী অভিমুখী গৈ আছিল বাহন খন। তীব্ৰ বেগে গৈ থকা অৱস্থাতেই নিয়নত্ৰণ হেৰুৱাই এইদৰে দুৰ্ঘটনাত পতিত হয় বাহনখন।

এই দূৰ্ঘটনাৰ ফলত থিতাতে নিহত হয় এজন। আন এজনক সংকটজনক অৱস্থাত প্ৰেৰণ কৰা হয় নলবাৰী অসামৰিক চিকিৎসালয়লৈ। দুৰ্ঘটনাটোত অল্ট’ বাহনখন একেবাৰে ভাঙি চূৰ্ণ বিচূৰ্ণ হৈ পৰে। আনহাতে খবৰ পোৱা মাত্ৰেই ঘটনাস্থলীত নলবাৰী আৰক্ষী উপস্থিত হয় যদিও বাতৰি লিখা পৰলৈ মৃত ব্যক্তিৰ পৰিচয় জানিব পৰা হোৱা নাই।

Photo Credit: @hirakdeka