নৃশংস হত্যা! অসমৰ চালকক মিজোৰামত দা ৰে ঘপিয়াই হত্যা, হেণ্ডিমেনকো ৰাখিছে আৱদ্ধ কৰি

0
607
নৃশংস হত্যা! অসমৰ চালকক মিজোৰামত দা ৰে ঘপিয়াই হত্যা, আৱদ্ধ কৰি

নৃশংস হত্যা! অসমৰ চালকক মিজোৰামত দা ৰে ঘপিয়াই হত্যা, হেণ্ডিমেনকো ৰাখিছে আৱদ্ধ কৰি

অসমৰ এগৰাকী চালকক মিজোৰামত অতি নৃশংস ভাৱে হত্যা কৰাৰ অভিযোগ। তাৰোপৰি চালকৰ সৈতে থকা হেণ্ডিমেগৰাকীকো আৱদ্ধ কৰি ৰখাৰ অভিযোগ।

যাৰ বাবে হেণ্ডিমেন তথা সহচালকৰ মুক্তি আৰু চালকৰ হত্যাৰ প্ৰতিবাদত কাছাৰৰ ধলাই ৰামপ্ৰসাদপুৰত মৃতদেহ লৈ অসম মিজোৰাম ৰাষ্ট্ৰীয় ঘাইপথ অবৰোধ উত্তেজিত ৰাইজৰ ৷

ৰাজপথত মৃতদেহ লৈ শ শ লোকৰ উত্তাল প্ৰতিবাদ ৷ পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে আৰক্ষী উপস্থিত ৷ পথ অবৰোধৰ ফলত আবদ্ধ হৈ পৰিছে শ শ যানবাহন ৷

জানিব পৰা মতে, কাছাৰৰ ধলাই ৰামপ্ৰসাদপুৰৰ বাসিন্দা প্ৰবিণ কুমাৰ সিং নামৰ এজন টেংকাৰ চালক কিছুদিন পূৰ্বে মিজোৰামত গৈছিল ৷ আৰু হেণ্ডিমেন হিচাপে তেওঁৰ লগত গৈছিল একেখন গাঁৱৰে নিপেন সিং নামৰ এজন যুবক ৷

কিন্তু পৰহি চালক প্ৰবিণ কুমাৰ সিংহক উগ্ৰ মিজো সকলে দা ৰে ঘপিয়াই হত্যা কৰে আৰু আটক কৰি ৰাখে হেণ্ডিমেন নিপেনক ৷ হত্যাৰ পাছতে যোৱা নিশা চালকগৰাকীৰ মৃতদেহ তেওঁৰ ঘৰলৈ পঠিয়াই দিয়ে ৷

চালকগৰাকীৰ মৃতদেহ দেখি উত্তেজিত হৈ পৰে ৰামপ্ৰসাদপুৰৰ জনগণ ৷ আৰু আজি পুৱাৰে পৰা মৃতদেহ লগত লৈ অসম মিজোৰাম ৰাষ্ট্ৰীয় ঘাইপথ অবৰোধ কৰি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে ৷

Input and Photo – Yasin Mazumdar

আৰু পঢ়ক : নতুন পেন্সন নীতিৰ বিৰোধিতাৰে ৰাজ্যজুৰি চৰকাৰী কৰ্মচাৰীৰ কৰ্মবিৰতি পালন