মৰাণহাটৰ অতিকে ভয়ানক ঘটনা, পত্নীক মাৰধৰ কৰি স্বামীয়ে ৪ দিন ধৰি ভৰাই থলে বক্স পালেঙৰ ভিতৰত

0
1990
মৰাণহাটৰ অতিকে ভয়ানক ঘটনা

মৰাণহাটৰ অতিকে ভয়ানক ঘটনা : চৰাইদেউ জিলাৰ মৰাণহাটত সংঘটিত হৈছে গাৰ নোম শিয়ৰি উঠা এক অতিকে ভয়ংকৰ ঘটনা। স্বামীয়ে অমানুষিক অত্যাচাৰ চলালে পত্নীৰ ওপৰত। যি হয়তো দিঠকত কল্পনাৰো অগোচৰ।

পাষণ্ড স্বামীয়ে প্ৰথমতে পত্নীক বেয়াকৈ মাৰধৰ কৰে, ঘুচিয়াই দাঁত ভাঙি দিয়ে। আৰু তাৰ পিছত তেনেদৰেই কোনেও নজনাকৈ ঘৰতেই বক্স পালেঙত ভৰাই থয় ৪দিন ৪ ৰাতি।

হয়, বিশ্বাস কৰি বলৈ টান হলেও এই সত্য ঘটনা সংঘটিত হৈথে এইখন অসমতেই। স্থানীয় লোকৰ তৎপৰতাত আৰু আৰক্ষীৰ সহযোগত উদ্ধাৰ হয় অসহায় মহিলাগৰাকীক। চৰাইদেউ জিলাৰ মৰাণহাট আৰক্ষী থানাৰ অন্তৰ্গত খুমটাই চাহবাগিচাৰ ১০ নং লাইনত স্বামীৰ পাষণ্ডতাৰ সীমা চিৰাই গৈছে।

মৰাণহাটৰ অতিকে ভয়ানক ঘটনা : ঘটনা সন্দৰ্ভত জানিব পৰা মতে ১২ ডিচেম্বৰত তিলেশ্বৰ ওৰাং নামৰ পাষণ্ড স্বামীয়ে পত্নী মামনি ওৰাঙক মাৰধৰ কৰি মুখৰ দাঁত ভাঙি দিছিল। সিমানতো ক্ষান্ত নাথাকি তিলেশ্বৰ ওৰাঙে আহত পত্নী মামনি ওৰাঙক ঘৰতে বক্স পালেঙত সোমোৱাই ৰাখে চাৰিদিন ধৰি।

পিছত স্থানীয় ৰাইজৰ সন্দেহ হোৱাত মৰাণহাট আৰক্ষী থানাত খবৰ দিয়াত তিলেশ্বৰ ওৰাংৰ বাসগৃহত আৰক্ষী উপস্থিত হৈ বস্ক পালেঙৰ ভিতৰৰ পৰা আহত মামণিক উদ্ধাৰ কৰে আৰু চিকিৎসাৰ বাবে চিকিৎসালয়লৈ প্ৰেৰণ কৰে ।

বৃহস্পতিবাৰে অভিযুক্ত পাষাণ স্বামী তিলেশ্বৰ ওৰাঙক মৰাণহাট আৰক্ষীয়ে আটক কৰি কাৰাগাৰলৈ প্ৰেৰণ কৰিছে।

Input and Photo credit: Sanjib Borah

আৰু পঢ়ক : কৰ’ণাৰ পাছত ভাৰতত ‘ব্লেক’ৰ সন্ত্ৰাস! ৰোগীক কৰি পেলাইছে অন্ধ, বৰ্তমানলৈকে ৯জন লোকৰ মৃত্যু