
নিশা খ্রীষ্টানবস্তিত ভয়ংকৰ পথ দুৰ্ঘটনা ; তীব্রবেগী বাহনে মহটিয়াই নিলে তিনিখনকৈ বাহন
নিশা মহানগৰীৰ খ্রীষ্টানবস্তিত এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয়।
তীব্রবেগী বাহনে তিনিখনকৈ বাহন মহটিয়াই নিয়ে | দুৰ্ঘটনাটোৰ ফলত শিশুসহ কেইবাজনো লোক আহত হৈছে |
বাহনকেইখন গণেশগুৰি দিশৰ পৰা ভঙাগড় অভিমুখী আছিল |
জানিব পৰা মতে AS-01 BZ 2135 নম্বৰৰ বাহনখনৰ চালকজন সুৰাসক্ত অৱস্থাত আছিল |
দুৰ্ঘটনাটোৰ ফলত বাহন দুখনৰ যাত্রী সকল কথমপি প্রাণৰক্ষা পৰে |
দুখনকৈ বাহনৰ যথেষ্ট ক্ষতিসাধন হৈছে বুলি জানিব পৰা গৈছে |