নিশা বোকাজানত ভয়ংকৰ পথ দুৰ্ঘটনা ! নিয়ন্ত্ৰণ হেৰুৱাই গছত খুন্দা বাহনৰ , থিতাতে নিহত ২

0
1

নিশা বোকাজানত ভয়ংকৰ পথ দুৰ্ঘটনা ! নিয়ন্ত্ৰণ হেৰুৱাই গছত খুন্দা বাহনৰ , থিতাতে নিহত ২

বোকাজানৰ ৩৯ নং ৰাষ্ট্ৰীয় ঘাইপথত নিশা এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয় |

দুৰ্ঘটনাটোৰ ফলত দুজন লোক থিতাতে নিহত হোৱাৰ লগতে আন দুজন লোক গুৰুতৰভাৱে আহত হয় |

জানিব পৰা মতে নাগালেণ্ডৰ তুলিৰ পৰা বোকাজান হৈ ডিমাপুৰলৈ গৈ থকা অৱস্থাত দুৰ্ঘটনাতপতিত বিলাসী Toyota Fortuner বাহনখন |

তীব্ৰবেগী বিলাসী বাহনখনে নিয়ন্ত্ৰণ হেৰুৱাই পথৰ দাঁতিত থকা এজোপা গছত খুন্দা মাৰে |

দুৰ্ঘটনাটোৰ ফলত বাহনখনৰ চালক সুৰজ আলি আৰু ইটকা য়েপটো থিতাতে নিহত হয় |

আনহাতে আহত ব্যক্তি দুজনক বোকাজান সামূহিক চিকিৎসালয়ত প্ৰাথমিক চিকিৎসাৰ অন্তত উন্নত চিকিৎসাৰ বাবে ডিমাপুৰলৈ প্ৰেৰণ কৰা হয় |

দুৰ্ঘটনাত পতিত বাহন খনৰ নম্বৰৰ NL-07-CA-1654