
নিশা ৰহাত ভয়ংকৰ পথ দুৰ্ঘটনা ! ৰৈ থকা ট্ৰাকত খুন্দা আন এখন ট্ৰাকৰ
নিশা ৰহাৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে |
ৰহাক জোঙাল বলহু গড়ত সংঘটিত হৈছে এই পথ দুৰ্ঘটনাটো |
ৰৈ থকা এখন ট্ৰাকত খুন্দা মাৰে নগাঁও অভিমুখী আন এখন ট্ৰাকে |
দুৰ্ঘটনাটোৰ ফলত দুজন লোক থিতাতে নিহত হয় | নিহত এজনৰ নাম আব্বাছ আলি বুলি জানিব পৰা গৈছে |
আনহাতে দুজন লোক আহত হৈছে | আহত এজনৰ অৱস্থা অতি সংকটজনক বুলি জানিব পৰা গৈছে |