
আমগুৰিত নিশা ভয়ংকৰ পথ দুৰ্ঘটনা ! ৰৈ থকা ডাম্পাৰত খুন্দিয়াই নিহত বাইক আৰোহী
শিৱসাগৰৰ আমগুৰিত নিশা এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে | ৰৈ থকা ডাম্পাৰত খুন্দা তীব্ৰবেগী বাইকৰ |
দুৰ্ঘটনাটোৰ ফলত বাইক আৰোহী জন থিতাতে নিহত হয় | ৬১ নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হয় এই দুৰ্ঘটনাটো।
নিহত বাইক আৰোহীজন ১নং চিন্তামনিগড়ৰ মহব্বত আলি বুলি চিনাক্ত কৰা হৈছে।
মহব্বত আলি পেচাত এজন মাছ ব্যৱসায়ী বুলি জানিব পৰা গৈছে |
ব্যৱসায় সামৰি ঘৰলৈ উভতিউভত আহি থাকোতেই এই শোকাৱহ দুৰ্ঘটনাটো সংঘটিত হয় |