16 C
Guwahati
Friday, December 3, 2021
More

    পৰ্যটকৰ বাবে সুখবৰ; অহা ১ ডিচেম্বৰৰ পৰা উত্তৰ-পূবৰ বৃহৎ পৰ্যটন উৎসৱ ‘হৰ্ণবিল ফেষ্টিভেল’

    অহা ১ ডিচেম্বৰৰ পৰা আৰম্ভ হ’ব উত্তৰ-পূবৰ বৃহৎ পৰ্যটন উৎসৱ হিচাপে পৰিচিত হৰ্ণবিল উৎসৱ। এইবাৰৰ উৎসৱটি ১০ দিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হ’ব বুলি নাগালেণ্ডৰ কলা আৰু সংস্কৃতি বিভাগ আৰু মহোৎসৱৰ আয়োজকসকলে জনায়।

    বিভাগটোৱে কৈছিল যে হৰ্ণবিল মহোৎসৱৰ মূল ক্ষেত্ৰত দৈনিক সাংস্কৃতিক অনুষ্ঠান প্ৰদৰ্শন কৰা হ’ব।

    ৰাজ্যৰ ১৭ টা জনজাতিৰ সাংস্কৃতিক দলে হৰ্ণবিল উৎসৱত তেওঁলোকৰ ৰঙীন পৰম্পৰাগত পোছাকত তেওঁলোকৰ জীৱন্ত গীত আৰু নৃত্যসমূহ প্ৰদৰ্শন কৰিব।

    প্ৰতিবছৰে নাগালেণ্ডৰ চহকী কৃষ্টি-সংস্কৃতি, জীৱন-ধাৰণ প্ৰণালী আৰু খাদ্যভাষক লৈ হৰ্ণবিল ফেষ্টিভেল অনুষ্ঠিত কৰি অহা হৈছে।

    ঐতিহাসিক ফেষ্টিভেলখন বৰ্তমান কিছমাৰ পৰা কোহিমা, মোকোমচুং, ডিমাপুৰ, ৱোখা আদি অঞ্চললৈ বিস্তাৰিত হৈ পৰিছে।

    নাগালেণ্ডৰ বিভিন্ন জনজাতিৰ মাজত ভাৱ বিনিময়ৰ বিকাশ আৰু নাগালেণ্ডৰ সাংস্কৃতিক ঐতিহ্যৰ প্ৰচাৰৰ বাবে, নাগালেণ্ড চৰকাৰে ২০০০ চনৰ পৰা ডিচেম্বৰৰ প্ৰথম সপ্তাহটোত হৰ্ণবিল উৎসৱ পালন কৰি আহিছে।

    এই উৎসৱক ভাৰতীয় ধনেশ পক্ষীৰ নামৰ পৰা হৰ্ণবিল উৎসৱ নামেৰে অভিহিত কৰা হয়৷ ধনেশ পক্ষীৰ স্থান নগা জনজাতিসমূহৰ সংস্কৃতি আৰু লোকসাহিত্যত অতি গুৰুত্বপূৰ্ণ৷

    আৰু পঢ়ক : প্ৰতিস্থাপন উৰ্বৰতাৰ হাৰৰো তললৈ নামিল ভাৰতৰ উৰ্বৰতাৰ হাৰ

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং