দিনক দিনে ভূমিৰ মূল্য বৃদ্ধি হৈছে ।কিছুমান ঠাইত মাটিৰ দাম ইমানেই বৃদ্ধি হৈছে যে মাটিৰ সৰু টুকুৰা ক্ৰয় কৰিবৰ বাবেও কোটি কোটি টকাৰ প্ৰয়োজন হয় ।
চীনৰ হংকঙতো মাটিৰ মূল্য অত্যাধিক । ইয়াত মৃতদেহ কবৰ দিবৰ বাবে ক্ৰয় কৰিব লগীয়া মাটিৰ দাম বিনিময়ত দিব লগা হয় কোটি কোটি টকা।
মাটিৰ মূল্য অত্যাধিক হোৱাৰ বাবে ইয়াক মৃতদেহ জ্বলাই দিয়া হয়। কিন্তু ইয়াটো এক সমস্যা হয় । চিতাভষ্ম পুতি খবৰ বাবে প্ৰয়োজন হয় মাটিৰ ।
মাটিৰদাম বৃদ্ধি হোৱাৰ বাবে চিতাভষ্ম চৰকাৰী লকাৰত ৰাখে । ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত প্ৰকাশিত খবৰ অনুসৰি হংকঙত বৰ্তমান ৪ লাখতকৈ অধিক লোকৰ ভষ্ম পুতি থোৱাৰ অপেক্ষাত আছে । উল্লেখ্য যে, লকাৰৰ বাবেও ৫ বছৰ অপেক্ষা কৰিব লাগে।
আৰু পঢ়ক : বনৰীয়া ম’হৰ সন্ত্ৰাস, অতৰ্কিতে কৰা আক্ৰমণত নিহত এজন, মৃত্যুৰে যুঁজিছে অন্য ৪জনে