
নাগৰিকত্ব সংশোধনী আইনৰ বিধি প্ৰস্তুত কৰাৰ বাবে অতিৰিক্ত ৩ মাহৰ সময় বিচাৰিছে কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে। ইতিমধ্যে ৬ মাহ উকলি যোৱাৰ পিছত এই প্ৰসংগত সংসদীয় কমিটীৰ পৰা অতিৰিক্ত সময় বিচাৰিছে গৃহ মন্ত্ৰালয়ে। ৰাষ্ট্ৰপতিৰ স্বাক্ষৰ লাভৰ ৬ মাহৰ ভিতৰতে কোনো এখন আইনৰ বিধি প্ৰস্তুত কৰিব লাগে যদিও নাগৰিকত্ব সংশোধনী আইনৰ ক্ষেত্ৰত সেয়া হৈ নুঠিল। যাৰ ফলশ্ৰুতিত অতিৰিক্ত সময় বিচাৰিবলগীয়া হৈছে।
উল্লেখ্য যে, নাগৰিকত্ব সংশোধনী আইন অনুসৰি হিন্দু, শীষ, জৈন, বৌদ্ধ, খ্ৰিষ্টীয়ান আৰু পাৰ্ছীসকলক ভাৰতত নাগৰিকত্ব দিয়া হ’ব। পাকিস্তান, আফগানিস্তান, বাংলাদেশ আদিৰ পৰা অহা লোকক ভাৰতত নাগৰিকত্ব দিয়া হ’ব নাগৰিকত্ব সংশোধনী আইনৰ মতে। আইনখনৰ বিৰুদ্ধে ইতিমধ্যে সমগ্ৰ দেশজুৰি প্ৰতিবাদ হৈছে। অধিকাংশ দল-সংগঠনে আইনখনৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিছে।
উল্লেখ্য যে, এবাৰত কেৱল ৩ মাহৰ বাবেহে অতিৰিক্ত সময় বিচাৰিব পাৰিব সংসদীয় কমিতিৰ পৰা। উল্লেখ্য যে, নাগৰিকত্ব লাভৰ বাবে কোনো লোকে আবেদন কৰাৰ সময়ত তেওঁলোক যে ৩১ ডিচেম্বৰ, ২০১৪ৰ পূৰ্বে ভাৰতত প্ৰবেশ কৰিছিল তাৰ প্ৰমাণ দিব লাগিব। লোকসভাত ৯ ডিচেম্বৰ, ২০২০ত গৃহীত হোৱা আইনখন ৰাজ্যসভাত গৃহীত হৈছিল ১১ ডিচেম্বৰ, ২০২০ত।
Photo Credit: Blomberg