১০০০খন মাস্ক ঘৰতে তৈয়াৰ কৰি বিনামূলীয়াকৈ বিতৰণ টিংখাঙৰ ছাত্ৰীৰ

বৰ্তমান মাস্কৰ নাটনি সময়ত ছাত্ৰীগৰাকীৰ এনে পদক্ষেপে সকলোকে সকাহ দিছে

0
37

লক ডাউনৰ মাজতে টিংখাঙৰ এগৰাকী ছাত্ৰীৰ প্ৰশংসনীয় পদক্ষেপ।মহামাৰী কৰ’ণা ভাইৰাছৰ পৰা পৰিত্ৰাণ পোৱাৰ বাবে টিংখাং মহাবিদ্যালয়ৰ ছাত্ৰী নেহা মুণ্ডাই লক ডাউনৰ সময়ছোৱাত ঘৰতে থাকি ৰাইজৰ বাবে তৈয়াৰ কৰিছে ১০০০খন মাস্ক।

ছাত্ৰীগৰাকীয়ে তৈয়াৰ কৰা মাস্কসমূহ স্থানীয় জিতু ফাৰ্মাচী নামৰ এই ঔষধৰ দোকানত ৰাখি ঔষধ লবলৈ অহা লোকসকলক বিনামূলীয়াকৈ যোগান ধৰা হৈছে।

বৰ্তমান মাস্কৰ নাটনি সময়ত টিংখাং তিনিআলি চাহ বাগিচাৰ ধনেশ্বৰ মুণ্ডাৰ কন্যা নেহা মুণ্ডাই নিজৰ অধ্যয়ন আৰু ঘৰুৱা কামৰ মাজতো বিনামূলীয়াকৈ প্ৰায় এক হাজাৰখন মাস্ক তৈয়াৰ কৰি ৰাইজৰ বাবে গ্ৰহণ কৰা এই পদক্ষেপ নিশ্চয়কৈ প্ৰশংসনীয়।

Photo: Time8