
গোসাইগাঁৱত গৃহৰক্ষী জোৱানৰ মহিলাক অশ্লীল ইংগিত, স্বামীক লক্ষ্য কৰি গুলীচালনা
কোকৰাঝাৰ জিলাৰ গোসাইগাঁও মহকুমাৰ সত্যপুৰত সোমবাৰে দুপৰীয়া এক অপ্ৰীতিকৰ ঘটনা সংঘটিত হোৱাৰ অভিযোগ উত্থাপিত কৰে ৰাইজে।
ৰাইজৰ সুৰক্ষাৰ বাবে নিয়োজিত এগৰাকী গৃহৰক্ষী বাহিনীৰ জোৱানে এগৰাকী মহিলাক অশ্লীল ইংগিত দিয়াক কেন্দ্ৰ কৰি উত্তেজনাময় পৰিস্থিতিৰ সৃষ্টি হয়।
গৃহৰক্ষী বাহিনীৰ জোৱানগৰাকীয়ে মহিলা গৰাকীক স্বামীৰ উপস্থিতিতে অশ্লীল ইংগিত দিয়াৰ পাছত মহিলা গৰাকীৰ স্বামীয়ে এই কাৰ্য্যৰ প্ৰতিবাদ কৰাত জোৱানজনে নিজৰ চাৰ্ভিছ কাৰ্বাইনেৰে মহিলা আৰু স্বামী গৰাকীক লক্ষ্য কৰি ছয় জাই গুলী চালনা কৰাত পৰিস্থিতি অধিক বেয়াৰ পিনে ঢাল খায়।
অৱশ্যে, গুলীচালনা কৰাৰ সময়ত গৃহৰক্ষী বাহিনীৰ জোৱানজনক সতীৰ্থ সকলে বাধা প্ৰদান কৰাৰ ফলত গুলীয়ে লক্ষ্যবস্তুক আঘাত কৰাত ব্যৰ্থ হয় যাৰফলত কোনো লোক মৃত্যু মুখত পৰিবলগীয়া নহল।
আনহাতে, এই অপ্ৰীতিকৰ ঘটনাৰ খবৰ লাভ কৰাৰ পাছতে ঘটনাস্থলীত গোসাইগাঁও আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া অমৰজ্যোতি বাইলং উপস্থিত হৈ অভিযুক্ত গৃহৰক্ষী জোৱান সমল মুছাহাৰীক গোসাইগাঁও থানালৈ লৈ আহে।
ইপিনে, এই ঘটনাৰ পাছতে সদৌ চাওতাল ছাত্ৰ সন্থা চমুকৈ এছুৱে সত্যপুৰস্থিত গৃহৰক্ষী জোৱানৰ বেৰেকৰ সন্মুখত প্ৰতিবাদ সাব্যস্ত কৰি অভিযুক্ত গৃহৰক্ষী জোৱানজনক কঠোৰ শাস্তি প্ৰদান কৰাৰ বাবে দাবী জনায়।
আৰু পঢ়ক : দৈনিক ৰাশিফল, কেনেদৰে যাব আপোনাৰ আজিৰ দিনটো