27 C
Guwahati
Thursday, October 14, 2021
More

    ৰাম মন্দিৰৰ বাবে এতিয়ালৈ ১১৫ খন দেশৰ পৰা আহিছে পবিত্ৰ জল

    অযোধ্যাত ৰাম মন্দিৰ নিৰ্মাণৰ বাবে ১১৫ খন দেশৰ পৱিত্ৰ নদী আৰু সাগৰৰ জল লাভ কৰা হৈছে বুলি কেন্দ্ৰীয় ৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে মন্তব্য কৰে। পবিত্ৰ ৰাম মন্দিৰৰ বাবে লাভ কৰা এই জল হিন্দু, মুছলমান, বৌদ্ধ, খ্ৰিষ্টিয়ান সকলো ধৰ্মৰ লোকে আগবঢ়াইছে।

    ৰাজনাথ সিঙে এতিয়াও ৰাম মন্দিৰৰ বাবে পানী আগবঢ়াবলৈ বাকী থকা দেশসমূহৰ পৰাও পবিত্ৰ জল সংগ্ৰহ কৰাৰ বাবে অভিযান আৰম্ভ কৰাৰ বাবে আহ্বান জনায়।

    মন্দিৰৰ বাবে সকলো দেশৰ পৰাই পবিত্ৰ জল অহাটো দৰকাৰ বুলি উল্লেখ কৰি ৰাজনাথ সিঙে ভাৰতে সকলোকে বসুদেৱ কুটুম্বৰ আদৰ্শ দিছে বুলি কয়।

    বৰ্তমানলৈ ১৯২ খন দেশৰ ভিতৰত ১১৫ খন দেশৰ পৰা ৰাম মন্দিৰৰ বাবে পবিত্ৰজল সংগ্ৰহ কৰা হৈছে।

    ৰাজনাথ সিঙে অযোধ্যাত ৰাম নিৰ্মাণ কৰাৰ বাবে ভাৰতৰ জনসাধাৰণে হিংসাৰ পথ পৰিহাৰ কৰি শান্তি আৰু আলোচনাৰ মাধ্যমেৰে সকলো বিবাদ নিষ্পত্তি কৰিছে বুলি মত ব্যক্ত কৰে।

    আনহাতে, ৰাজনাথ সিঙে দেশৰ জনসাধাৰণৰ লগতে সকলোকে পবিত্ৰ ৰাম মন্দিৰ স্থলী দৰ্শনৰ বাবে অহাৰ বাবেও আহ্বান জনায়।

    আৰু পঢ়ক : পাকিস্তানৰ সেনা প্ৰধান, প্ৰধান মন্ত্ৰী সিদ্ধুৰ বন্ধু, ই দেশৰ সুৰক্ষাৰ প্ৰতি ভাবুকিস্বৰূপ : কেপ্তেইন অমৰিন্দৰ সিং

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং