18 C
Guwahati
Monday, April 19, 2021
  • মুখ্যপৃষ্ঠা
  • ভিডিঅ’
  • টাইমকাষ্ট
More

    হোজাইত জঘন্য় ঘটনাঃ বিয়াঘৰৰ উলহ মালহৰ মাজতেই ৮ বছৰীয়া শিশুক ধৰ্ষণ কৰি হত্যা

    ৰাজ্যত পুনৰ মানৱতাক লজ্জাজনিত কৰাৰ ঘটনা। হোজাইত সংঘটিত হৈছে জঘন্য ঘটনা।৮ বছৰীয়া শিশুক ধৰ্ষণ কৰি পথাৰত পেলাই থৈ গ’ল মৃতদেহ।

    হোজাইৰ বৰহোলা গাঁৱত ৮ বছৰীয়া কন্যা শিশুক বলাৎকাৰ কৰি হত্যা কৰাৰ ঘটনাক লৈ সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্য। মুকলি পথাৰত উদ্ধাৰ কৰা হৈছে শিশুটিৰ মৃতদেহ।

    শনিবাৰে নিশা মোমায়েকৰ বিবাহৰ অনুষ্ঠানৰ মাজতেই শিশুটিক পথাৰত নি এটা নৰধামে ধৰ্ষণ কৰি নৃশংসভাৱে হত্যা কৰি পেলাই থৈ যায়। দেওবাৰে পুৱা স্থানীয় ৰাইজে পথাৰত মৃতদেহ পৰি থকা প্ৰত্যক্ষ কৰি আৰক্ষীক অৱগত কৰে ।

    সেইমতে আৰক্ষী উপস্থিত হৈ তদন্ত চলাই মৃতদেহ উদ্ধাৰ কৰি মৰোণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে। আৰক্ষী এই জঘন্য ঘটনা সংঘটিত কৰা জয়প্ৰকাশ ওৰফে মুন্না হালোৱা নামৰ লম্পটটোক গ্ৰেপ্তাৰ কৰি জেৰা অব্যাহত ৰাখিছে।

    আৰু পঢ়ক : ছয়গাঁও আৰক্ষীৰ অভিযানত পালচাৰ বাইক সহ দুই বাইক চোৰ আটক

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং