ঘৰলৈ আহিছে বাংলাদেশৰ আলহীঃ” মই বাংলাদেশৰ পৰা আহিছোঁ।” মূৰে কপালে হাত দিলে বিধায়কে

0
760

ৰাজ্যত বাংলাদেশী আলহীপ দপদপনি। মই বাংলাদেশৰ পৰা আহিছোঁ বিধায়কৰ সম্মুখত ভূমি বেদখলকাৰী বাংলাদেশীৰ অকপট স্বীকাৰোক্তি।

বাংলাদেশীৰ কৱলত থকা বেদখল ভূমি বেদখলমুক্ত কৰিবলৈ বিধায়ক শিলাদিত্যৰ অভিযান।বালিৰাম পথাৰত হিন্দুৰ ভূমিত বাংলাদেশীৰ বেদখলক লৈ চাঞ্চল‍্য।বন বিভাগৰ ভূমিতো বসতি সন্দেহজনক নাগৰিকৰ।

হোজাই সমষ্টিৰ বাৰফুটি পঞ্চায়তৰ বালিৰাম পথাৰ গাওঁত সন্দেহজনক বাংলাদেশীয়ে হিন্দুৰ ভূমি বেদখল কৰাক লৈ সৃষ্টি হৈছে চাঞ্চল‍্যৰ।গাঁও খনৰ বাচমতি মালা নামৰ বিধবা মহিলা গৰাকীৰ দুই বিঘা ভূমি সন্দেহজনক বাংলাদেশীয়ে বেদখল কৰি মহিলাক ভয় ভাবুকি দেখাই নিৰ্যাতন চলাই অহাত মহিলা গৰাকী উপায়বিহীন হৈ বিধায়ক শিলাদিত্য দেৱৰ কাষ চাপি সকলো কথা বিৱৰি কয়।

সেইমতে সমগ্ৰ বিষয়টো বুজ লবলৈ শনিবাৰে বিশাল বাইক ৰেলীৰে গাওঁখনলৈ নিয়া হয় বিধায়ক শিলাদিত্যক।ইয়াৰ পিছতে বিধায়কৰ এক্সন।

প্ৰথম অৱস্থাত মহিলা গৰাকীক ভয় দেখুওৱা দুৰ্বৃত্তক ধৰিবলৈ যোগীজান আৰক্ষীক দিলে নিৰ্দেশ আৰক্ষী বিষয়া জনকো দিলে ধমক।বিধায়কৰ নিৰ্দেশত ততালিকে আৰক্ষীয়ে দুৰ্বৃত্তৰ ঘৰত উপস্থিত হৈ চলাই অভিযান। কিন্তু সেই সময়ত ঘৰত নাছিল দুৰ্বৃত্ত আব্দুল জলিল ।

ইয়াৰ পিছত মহিলা গৰাকীৰ বেদখল ভূমি চাবলৈ একা বেঁকা পথেৰে আগবাঢ়িল বিধায়ক শিলাদিত্য দেৱ।মহিলা গৰাকীৰ বেদখল ভূমিত উপস্থিত হৈ মাতি অনা হল বেদখল কাৰীক।কোৱা হল মাটিৰ কাগজ পাতি দেখাবলৈ।

বিধায়কগৰাকীক ক’ৰ পৰা আহিছে বুলি সোধ পোছ কৰাত বেদখলকাৰয়ে অকপটে কয় যে মই বাংলাদেশৰ পৰা আহিছোঁ আৰু বাংলাদেশলৈ গুচি যাম।

ইয়াৰ উপৰি বহু সন্দেহজনক নাগৰিকে গাঁওখনৰ বন বিভাগৰ ভূমিবোৰ ৩০ৰ পৰা এক লাখ টকাৰ ভিতৰত ক্ৰয় কৰি এনেদৰে বসতি লোৱা বুলিও তেওঁলোকে স্বীকাৰ কৰে। লগতে তেওঁলোকে লাহৰিঘাটৰ পৰা অহা বুলি জানিবলৈ দিয়ে।গাঁও খনত সন্দেহজনক লোকে চৰকাৰী আৰু হিন্দু লোকৰ ভূমি বেদখল কৰাৰ ঘটনাক লৈ চাঞ্চল‍্যৰ সৃষ্টি হৈছে।

বিধায়ক শিলাদিত্য দেৱে বেদখলকাৰীক ভূমিসমূহ অচিৰেই বেদখলমুক্ত কৰিবলৈ সকিয়নি প্ৰদান কৰে।