18 C
Guwahati
Monday, April 19, 2021
  • মুখ্যপৃষ্ঠা
  • ভিডিঅ’
  • টাইমকাষ্ট
More

    গছত আঁৰি থোৱা এখন জাননীয়ে টোপনি হৰিছে ৫০০ টা পৰিয়ালৰঃ “আমি ক’লৈ যাম? ক’ত থাকিম?” কেমেৰাৰ সন্মুখত হুকহুকাই কান্দিলে দুৰ্ভগীয়াই

    গছত আৰি থোৱা এখন জাননীৰ পাছতে পাঁচশ টা পৰিয়ালৰ মাজত এক হাহাকাৰ পৰিস্থিতি। কলৈ যাব? ‌ক’ত থাকিব? নিদ্ৰাহৰণ গাঁওবাসীৰ। কেমেৰাৰ সন্মুখত হুকহুকাই কান্দিলে দুৰ্ভগীয়া লোকে।

    হোজাই সমষ্টিৰ যোগীজান মৌজাৰ অন্তৰ্গত বাৰপুটীয়া পঞ্চায়তৰ বালিৰাম পথাৰ গাঁৱৰ গেজিং ৰিজার্ভত দীৰ্ঘদিনৰ পৰা বসবাস কৰি আহিছে একাংশ লোক। মৰিগাঁও জিলাৰ লাহৰিঘাটৰ পৰা গঢ়াখহনীয়াৰ কবলত পৰি সর্বস্থ হেৰুৱাই আহি হোজাইৰ বালিৰাম পথাৰত এইখন গ্রেজিং ৰিজার্ভত বাহৰ পাতি বিগত বহু বছৰ ধৰি এইসকল লোকে বসবাস কৰি আহিছে।

    একাংশ স্থানীয় লোকৰ দখলত থকা এই ভূমিখিনি ক্রয় কৰি বসবাস কৰাৰ সমান্তৰালভাৱে কৃষি কর্ম কৰি জীৱন নিৰ্বাহ কৰি আহিছে। কিন্তু হঠাৎ হোজাই ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ পৰা গাঁওখনৰ গছত, বিদ্যুতৰ খুটিত আৰি দিয়া হৈছে উচ্ছেদৰ জাননী।

    জাননীখনত উল্লেখ কৰা অনুসৰি,বালিৰাম পথাৰ কিছামতৰ ১১৭ দাগৰ ৩০৩ বিঘা ৩ কটা ১৫ লোছা চৰকাৰী গ্রেজিং ৰিজার্ভ আৰু ১২০ নং দাগৰ ২১ বিঘা ১ কটা ৩ লোছা চৰকাৰী গ্রেজিং ৰিজার্ভত বসবাস কৰি থকা লোক সকলে ১৫ দিনৰ ভিতৰত ভূমিখিনি মুক্ত কৰি দিয়াৰ নির্দেশনা প্রদান কৰে।

    এই জাননীখন পোৱাৰ লগে লগে এইসকল লোকৰ মাজত হাহাকাৰ পৰিস্থিতি সৃষ্টি হৈছে। দীৰ্ঘদিনৰ পৰা বসবাস কৰি অহা এইসকলৰ মাজত অধিকাংশই হোজাই সমষ্টিত নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰি আহিছে। লাভ কৰিছে চৰকাৰী প্রতিটো আঁচনি। এওঁলোকে ৰেচন কাৰ্ড, চৰকাৰী আবাস গৃহ, চৰকাৰী বিদ্যুৎৰ সুবিধা সকলো লাভ কৰিছে ।

    এই ৰিজার্ভ ভূমিতে নির্মান কৰিবলৈ লাভ কৰিছে প্রায় এশখন প্রধান মন্ত্রী আবাস যোজনাৰ গৃহ। পঞ্চায়তৰ যোগেদি যাতায়তৰ বাবে পথ নির্মাণ কৰি দিয়া হৈছে ।

    ইয়াৰ পাছতে হঠাৎ উচ্ছেদৰ এই জাননীখনে হাহাকাৰ লগাইছে এইসকলৰ মাজত।

    লোকৰ অভিযোগ অনুসৰি ৰাজনৈতিক ষড়যন্ত্ৰৰ বলি হৈছে এইসকল লোক। কিয়নো ইয়াৰ পূর্বে কেবাবাৰো হোজাইৰ বিধায়ক শিলাদিত্য দেৱে গাঁওখনত উপস্থিত হৈ বেদখল কৰা ভূমিখিনিৰ উঠি যাবলৈ হুংকাৰ প্রদান কৰিছিল।

    “মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাল,বিধায়ক শিলাদিত্য দেৱক কাতৰ অনুৰোধ – আমাক নেখেদিব, আমি ক’লৈ যাম? ক’ত থাকিম? আমি ৰিজার্ভ ভূমিত আছো, আমাৰে ভুল কিন্তু ইয়াৰ পৰা উঠি যাবলৈ আমাক সময় দিয়ক।”কেমেৰাৰ সন্মুখত হুকহুকাই কান্দি উঠিল গাওঁবাসী।

    আৰু পঢ়ক :  কাকপথাৰত চোৰাং কয়লা পৰিবাহী ট্ৰাকৰ দৌৰাত্ম্যঃ লোক শুই থকা অৱস্থাতে মহতিয়াই লৈ গ’ল বাসগৃহ

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published