কাশ্মীৰৰ অনন্তনাগত হিজবুল কমাণ্ডৰ চদৰুসহ ৩ সন্ত্ৰাসবাদী নিহত

নিহত সন্ত্ৰাসবাদীকেইটাৰ পৰা উদ্ধাৰ বহু পৰিমানৰ মাৰণাস্ত্ৰ আৰু বিস্ফোৰক

0
742
Photo credit: indiatoday.in

দক্ষিণ কাশ্মীৰৰ অনন্তনাগত বুধবাৰে সুৰক্ষাকৰ্মীৰ সৈতে হোৱা আক্ৰমণত ৩ সন্ত্ৰাসবাদী নিহত। বিজবেহৰাৰ পজালপৰা এলাকাত সন্ত্ৰাসবাদীৰ থকাৰ তথ্য লাভ কৰিছিল আৰক্ষীয়ে। এই তথ্যৰ ভিত্তিতে সুৰক্ষাকৰ্মীয়ে নিশাই চলাইছিল তালাচী অভিযান। এটা ঘৰত আত্মগোপন কৰি আছিল সন্ত্ৰাসবাদীকেইটাই। আৰক্ষীয়ে সন্ত্ৰাসবাদীকেইটাক আত্মসৰ্মপণ কৰিব কৈছিল কিন্তু এই কথাত অমান্তি হোৱাত জোৱানসকলে ঘৰটোত বোমা নিক্ষেপ কৰে।

আৰক্ষীয়ে জনোৱা অনুসৰি আক্ৰমণত নিহত সন্ত্ৰাসবাদী ৩টা হিজবুল মুজাহিদ্দীনৰে জড়িত আছিল। নিহত নাছিৰ চদৰু হিজবুল কমাণ্ডৰ আছিল। আন দুটা সন্ত্ৰাসবাদীৰ নাম আছিল জাবেদ ফাৰুক আৰু অকুব আহমেদ। নিহত সন্ত্ৰাসবাদীকেইটাৰ পৰা উদ্ধাৰ বহু পৰিমানৰ মাৰণাস্ত্ৰ আৰু বিস্ফোৰক।