20 C
Guwahati
Tuesday, April 13, 2021
  • মুখ্যপৃষ্ঠা
  • ভিডিঅ’
  • টাইমকাষ্ট
More

    আগন্তুক নিৰ্বাচন অতি গুৰুত্বপূৰ্ণ, ভোট দিওতে CAA-ৰ কথা পাহৰি নাযাব : হীৰেণ গোহাঁই

    আগন্তুক নিৰ্বাচন অতি গুৰুত্বপূৰ্ণ, ভোট দিওতে CAA-ৰ কথা পাহৰি নাযাব : হীৰেণ গোহাঁই

    বিজেপি চৰকাৰে বিভিন্ন আঁচনিৰে ৰাইজক পথভ্ৰষ্ট কৰাৰ চেষ্টা কৰিছে বুলি অভিযোগ তুলি বিশিষ্ট বুদ্ধিজীৱী ড০ হীৰেণ গোহাঁইয়ে আজি এক সংবাদমেলত শাসনাধিষ্ঠ দলটোক চোকা ভাষাৰে সমালোচনা কৰে।

    নাগৰিকত্ব সংশোধনী আইন বিৰোধী সমন্বয় সমিতিয়ে আয়োজন কৰা সংবাদমেলত গোহাঁইয়ে কয়, ‘আগন্তুক নিৰ্বাচন অতি গুৰুত্বপূৰ্ণ। ভোট দিওতে যাতে কা আইনখনৰ কথা পাহৰি নাযায়’।

    তেওঁ লগতে কয়, ‘১৬শ কোটি টকা খৰচ কৰি ৫৫ হাজাৰ মানুহ নিয়োগ কৰি ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী প্ৰস্তুত কৰিলে। ১৯৭১ চনক ভিত্তিবৰ্ষ হিচাবে বাছি লোৱা হৈছিল। বিজেপি চৰকাৰে ‘কা’খন আনি এন আৰ চি অৰ্থহীন কৰি পেলালে’৷

    এন আৰ চিত বহু বিদেশীৰ নাম অন্তৰ্ভুক্ত হোৱা বুলি বিজেপিয়ে অপপ্ৰচাৰ চলোৱা বুলি অভিযোগ তুলি গোঁহাইয়ে কয় যে নতুনকৈ এখন এন আৰ চি যাতে আনিব নোৱাৰে তাৰ বাবে ৰাইজ সজাগ হোৱা ভাল।

    সৰ্বোচ্চ ন্যায়ালত এন আৰ চিৰ ২৭ শতাংশ পুনৰীক্ষণ হৈ গৈছে বুলি প্ৰতীক হাজেলাই জনাইছিল। ইয়াৰ পিছতো এখন নতুন এন আৰ চি প্ৰস্তুত কৰিবলৈ লোৱা কাৰ্যক গৰিহনা জনাই বুদ্ধিজীৱী গৰাকীয়ে।

    ইফালে কৰ’ণা কালৰ পিছতেই দেশত কা বলৱৎ কৰিব বুলি গৃহমন্ত্ৰীয়ে কৰা মন্তব্য সন্দৰ্ভত তেওঁ কয় যে আমি কেতিয়াও এইখন বলৱৎ কৰিবলৈ নিদিও।

    যিসকলে কা বিৰোধিতা কৰি পিছত এইখন আইনৰ সপক্ষত থিয় হ’ল সেইসকলকো কঠোৰ ভাষাৰে সমালোচনা কৰে ড০ গোঁহাইয়ে৷

    AFSPAৰ ম্যাদ পুনৰ বৃদ্ধি কৰা কাৰ্যক সমালোচনা কৰি তেওঁ কয় যে চৰকাৰক সমালোচনা কৰা সকলক দমন কৰিবলৈ এই আইনখনৰ ম্যাদ বৃদ্ধি কৰিছে।

    এই ক্ষেত্ৰত ন্যায়ালয়ে হস্তক্ষেপ কৰাৰ আহ্বান ড০ গোহাঁইৰ ৷

    আনহাতে, তেওঁ অখিলক ষড়যন্ত্ৰমূলকভাৱে জেইলত ভৰাই ৰখা হৈছে বুলি পুনৰ এবাৰ দোহাৰে।

    ইফালে বদৰুদ্দিন আজমলে শংকৰদেৱক ভুলতে চাহাব বুলি কৈছিল বুলিও আজিৰ এই সংবাদমেলতে গোহাঁইয়ে মন্তব্য কৰে।

    আৰু পঢ়ক : ”এসময়ত অসমক আন্দোলন আৰু হিংসাৰ নামতহে কেৱল জনা গৈছিল,কিন্তু এতিয়া নতুন বিকাশৰ সূচনা হৈছ”

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং