28 C
Guwahati
Wednesday, June 16, 2021
  • মুখ্যপৃষ্ঠা
  • ভিডিঅ’
  • টাইমকাষ্ট
More

    পাকিস্তানত প্ৰথম বাৰৰ বাবে এগৰাকী হিন্দু মহিলা উৰ্ত্তীণ হ’ল CSS পৰীক্ষাত

    পাকিস্তানত প্ৰথম বাৰৰ বাবে এগৰাকী হিন্দু মহিলাই চেন্ট্ৰেল চুপিৰিয়ৰ চাৰ্ভিচ পৰীক্ষাত উত্তীৰ্ণ হৈছে আৰু পাকিস্তান প্ৰশাসনিক সেৱাৰ বাবে নিৰ্বাচিত হৈছে।

    পাকিস্তানৰ সৰ্বাধিক হিন্দু বাসী থকা অঞ্চল বুলি জনাজাত সিন্ধু প্ৰান্তৰ চিকাৰপুৰ জিলাৰ গ্ৰামীণ অঞ্চলত বাস কৰা ছনা ৰামচন্দ এগৰাকী এম বি বি এছ ডাক্তৰ। তেওঁ চি এছ এছ পৰীক্ষাত উত্তীৰ্ণ হোৱা ২২১ গৰাকী পৰীক্ষাৰ্থীৰ ভিতৰত এজন। ১৮,৫৫৩ গৰাকী পৰীক্ষাৰ্থীয়ে এই পৰীক্ষাত অৱতীৰ্ণ হৈছিল।

    ইয়াৰ পিছত তেওঁ টুইট কৰি লিখে যে মই জনাবলৈ পাই সুখী হৈছো যে চি এছ এছ ২০২০ পৰীক্ষাত উত্তীৰ্ণ হৈছো আৰু পি এ এছৰ বাবে নিৰ্বাচিত হৈছো। ইয়াৰ সকলো শ্ৰেয় মোৰ মা দেউতাৰ নামত।

    উল্লেখ্য যে পিএএছত উৰ্ত্তীণ হোৱাৰ পিছত সহায়ক আয়ুক্ত হিচাপে নিযুক্ত লাভ কৰে। আৰু তাৰ পাছত জিলা আয়ুক্ত হয়।

    আৰু পঢ়ক : মাতৃ দিৱসৰ দিনাই টাইমুৰৰ সৈতে দ্বিতীয় পুত্ৰকো দেখুৱালে কৰীণা কাপুৰ খানে

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং