হিন্দু যুৱকৰ প্ৰেম প্ৰত্যাখ্যান কৰাই পৰিয়ালৰ লগতে মুছলমান যুৱতীক এছিড আক্ৰমণ, মৃত্যুৰে যুঁজ দি আছে বিছনাত

0
159
ভয়ংকৰ! ধৰ্ষণ কৰাত অসফল হোৱাৰ বাবেই যুৱতীৰ চকুত এচিড ঢালি দিয়ে ২
প্ৰতীকি ফটো

হিন্দু যুৱকৰ প্ৰেম প্ৰত্যাখ্যান কৰাই পৰিয়ালৰ লগতে মুছলমান যুৱতীক এছিড আক্ৰমণ, মৃত্যুৰে যুঁজ দি আছে বিছনাত। এই হৃদয়বিদাৰক ঘটনা সংঘটিত হৈছে এইখন অসমতে। উজনি অসমৰ লখিমপুৰৰ এই দুখজনক ঘটনা।

এগৰাকী হিন্দু যুৱকে দিয়া প্ৰেম ৰ প্ৰস্তাৱ প্ৰত্যাখ্যান কৰাই কাল হ’ল এগৰাকী মুছলমান সম্প্ৰদায়ৰ যুৱতীৰ বাবে। নিশা শোৱাপাটিতে যুৱতী সহ পৰিয়ালৰ ওপৰত ভয়াৱহ এছিড আক্ৰমণ।

নিশা ঘৰৰ সকলো শুই থকা অৱস্থাতে ঘৰৰ বেৰ কাটি ৫ জন মান যুৱকে ঘৰৰ ভিতৰত প্ৰৱেশ কৰি এছিডেৰে আক্ৰমণ কৰি যুৱতীগৰাকীৰ ওপৰত। তেতিয়াই কাষতে শুই থকা মাতৃ আৰু ভগ্নী সব অন্য ৫ জনৰ শৰীৰতো পৰে এছিড।

৯ মাহ পূৰ্বেই সংঘটিত হোৱা এই ঘটনাৰ আজিলৈকে কোনো ন্যায় নাপালে যুৱতীয়ে। বিগত ৯ মাহতকৈ অধিক সময় ধৰি মৃত্যু যন্ত্ৰণাত চিৎকাৰ লখিমপুৰৰ লালুকৰ ইছলামপুৰ বেছাপট্ৰিৰ মামনি বেগম নামৰ যুৱতী গৰাকীৰ।

মুখ মণ্ডলকে ধৰি শৰীৰৰ বিভিন্ন অংশ জ্বলি-পুৰি যোৱা যুৱতী গৰাকী কেইবা মাহ চিকিৎসালয়ত ভৰ্তি হৈ থাকিল যদিও উন্নত নহ’ল স্বাস্থ্য।

অতি দৰিদ্ৰ পৰিয়ালৰ যুৱতী গৰাকীক অৰ্থৰ অভাৱত পৰিয়ালে দিব পৰা নাই উন্নত চিকিৎসা। এতিয়া বিচনাখনতেই অসহ্যকৰ যন্ত্ৰণাত ছটফটাইছে মামনিয়ে।

Input and Photo – Hassinur Alom

আৰু পঢ়ক : অশান্ত সীমান্ত; অসমৰ ভূমিত দুটাকৈ গ্ৰেণেড বিস্ফোৰণ ঘটালে মিজো দুৰ্বৃত্তই