32 C
Guwahati
Sunday, September 19, 2021
More

    হিন্দু ধৰ্মৰ দেৱ-দেৱী সন্দৰ্ভত অশালীন মন্তব্য প্ৰদান কৰা মিৰাজুলৰ বিৰুদ্ধে এজাহাৰ

    সামাজিক মাধ্যমত অশালীন মন্তব্য দিয়াৰ বাবে এজন যুৱকৰ বিৰুদ্ধে শনিবাৰে মৰিগাঁও জিলাৰ ভূৰাগাঁও আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে এটা সংগঠনে।

    যুৱকজনে নিজৰ ফেচবুক একাউণ্টৰ জৰিয়তে হিন্দু ধৰ্মৰ দেৱ-দেৱী সন্দৰ্ভত অশালীন মন্তব্য প্ৰদান কৰিছিল।

    হিন্দু জাগৰণ মঞ্চৰ কৰ্মীসকলে এজাহাৰ দাখিল কৰা যুৱকজনৰ নাম হ’ল মিৰাজুল ইছলাম আৰু তেওঁৰ ঘৰ বৰপেটা জিলাৰ বৰপেটা ৰ’ডত বুলি জানিব পৰা গৈছে।

    সংখ্যালঘু সম্প্ৰদায়ৰ মিৰাজুলে ভগবান ৰামচন্দ্ৰ আৰু মা দেৱী কালিক লৈ এটা আপত্তিজন কমেন্ট দিছিল।

    উল্লেখ্য যে হিন্দু জাগৰণ মঞ্চৰ নেতা সত্যৰঞ্জন বৰাই ফেচবুক লাইভ দি থকা অৱস্থাত মিৰাজুলে হিন্দু ধৰ্মক আঘাত দিয়া আপত্তিজনক মন্তব্যটো প্ৰদান কৰিছিল।

    ধৰ্মীয় বিৰোধী লোকজনৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ অনুৰোধ জনায় সংগঠনটোৰ সদস্য সকলে।

    আৰু পঢ়ক : জাপানীজ এনকেফেলাইটিছ ৰোগত আক্ৰান্ত বিশ্বনাথৰ ৬ গৰাকী লোক

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং