22 C
Guwahati
Friday, December 3, 2021
More

    লাচিত দিৱসৰ দিনটোতে বাঘ হাজৰিকাক কাল্পনিক চৰিত্ৰ আখ্যা হিন্দু জাগৰণ মঞ্চৰ, লুৰিণজ্যোতি গগৈৰ প্ৰতিক্ৰিয়া

    লাচিত দিৱসৰ দিনটোতে বাঘ হাজৰিকাক কাল্পনিক চৰিত্ৰ আখ্যা হিন্দু জাগৰণ মঞ্চৰ, লুৰিণজ্যোতি গগৈৰ প্ৰতিক্ৰিয়া

    আজি সমগ্ৰ ৰাজ্যৰ লগতে হিন্দু জাগৰণ মঞ্চ মহানগৰ সমিতিৰ উদ্যোগত লাচিত দিৱস উদযাপন কৰা হয়।

    এই লাচিত দিৱসৰ অনুষ্ঠানতে হিন্দু জাগৰণ মঞ্চই লাচিত বৰফুকণৰ পালি সেনাপতি বাঘ হাজৰিকাক লৈ অপমান সূচক মন্তব্য আগবঢ়ায়।

    হিন্দু জাগৰণ মঞ্চৰ অসম প্ৰান্তৰ বিধি প্ৰমুখ নবেন্দু পাঠকে লাচিত দিৱসৰ অনুষ্ঠানতে বাঘ হাজৰিকাক কাল্পনিক চৰিত্ৰ আখ্যা দিয়ে।

    লাচিত দিৱসৰ দিনটোতে বাঘ হাজৰিকাক লৈ এনেদৰে দায়িত্বজ্ঞানহীন মন্তব্য দিয়াৰ পাছতে প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।

    অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈয়ে বুৰঞ্জী নজনা একাংশ লোকে বাঘ হাজৰিকাক কাল্পনিক চৰিত্ৰ সজাবলৈ চেষ্টা কৰিছে বুলি সমালোচনা কৰে।

    মহানগৰীৰ লাচিত নগৰ লাচিত জ্যোতি সংঘত অসম জাতীয় পৰিষদে লাচিত দিৱস উদযাপন কৰে।

    এই লাচিত দিৱসৰ অনুষ্ঠানতে উপস্থিত থাকি লুৰিণজ্যোতি গগৈয়ে এইদৰে কয়।

    লুৰিণজ্যোতি গগৈয়ে লাচিতক হিন্দু বীৰ সজাব নালাগে, লাচিত অসমীয়া বীৰ বুলিও গুৰুত্বপূৰ্ণ মন্তব্য কৰে।

    আৰু পঢ়ক : দুটা নিষিদ্ধ ঘোষিত সংগঠনৰ তিনিজন দুৰ্ধৰ্ষ কেডাৰৰ আত্ম সমৰ্পণ

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং