পাকিস্তানত হিন্দু যুৱতীৰ সন্দেহজনক মৃত্যু, হত্যাৰ অভিযোগ ভাতৃৰ

মৃত যুৱতীগৰাকীৰ ডিঙিত ৰচী বন্ধা আছিল আৰু ৰূমৰ দুৱাৰ বাহিৰৰ পৰা বন্ধ আছিল

0
125

পাকিস্তানত সংখ্যালঘুৰ হত্যাৰে জড়িত এটা ঘটনা পোহৰলৈ আহিছে। পাকিস্তানৰ সিন্ধ প্ৰান্তত নম্ৰিতা চন্দানী নামৰ এগৰাকী মেডিকেলৰ ছাত্ৰীৰ মৃতদেহ উদ্ধাৰ। ঘোটকীৰ তালুকা মীৰপুৰ মেথেলী নিবাসী নম্ৰিতা চন্দানীৰ মৃতদেহ উদ্ধাৰ হৈছে বিচনাত। মৃত যুৱতীগৰাকীৰ ডিঙিত ৰচী বন্ধা আছিল আৰু ৰূমৰ দুৱাৰ বাহিৰৰ পৰা বন্ধ আছিল।

নম্ৰিতাৰ ভাতৃ বিশাল সুন্দৰে ক’লে যে- এয়া আত্মহত্যা নহয় বৰঞ্চ হত্যাহে, তাইৰ দেহত কোনো লোকে ধৰাৰ কেইবাটাও চিন স্পষ্ট দেখা গৈছিল। আমি সংখ্যালঘু, আমাক সহায় কৰক।’ মৃত যুৱতীগৰাকী লৰকানা জিলাৰ বিবি আছিফা ডেণ্টেল কলেজৰ ছাত্ৰী আছিল।

বৰ্তমানলৈ আৰক্ষীয়ে নিশ্চিত কৰিব পৰা নাই যে এয়া হত্যা নে আত্মহত্যা। যুৱতীগৰাকীৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হৈছে।

Photo Credit: navodayatimes.in