কৰ’ণাতংকঃ সংবাদকৰ্মীক পৰস্পৰৰ মাজত ১ মিটাৰ ব্যৱধান ৰখাৰ অনুৰোধ হিমন্ত বিশ্ব শৰ্মাৰ

কৰ'ণা ভাইৰাছৰ সংক্ৰমণ প্ৰতিৰোধৰ অৰ্থে সংবাদ মেল আয়োজন কৰা হৈছে জনতা ভৱনত

0
167

আজি দিনৰ ২ বজাত মন্ত্ৰী ড· হিমন্ত বিশ্ব শৰ্মাই এখন সংবাদ মেল সম্বোধন কৰিব৷

কৰ’ণা ভাইৰাছৰ সংক্ৰমণ প্ৰতিৰোধৰ অৰ্থে এই সংবাদ মেল আয়োজন কৰা হৈছে জনতা ভৱনত।

উল্লেখ্য যে সংবাদ মেলত অংশগ্ৰহণকাৰী সংবাদসেৱীক পৰস্পৰৰ মাজত ১ মিটাৰ ব্যৱধান ৰাখিবলৈ অনুৰোধ জনোৱা হৈছে।

ইফালে বিশ্বৰ প্ৰতিখন দেশতে এতিয়া কেৱল কৰ’ণা আতংক। ২২ মাৰ্চৰ দিনা পুৱা ৭ বজাৰ পৰা ৯ বজালৈ সকলো দেশবাসীক জনতাৰ কাৰ্ফিউ লগাবলৈ আহ্বান প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ।দেশবাসীক সজাগ হৈ থাকিবলৈ আহ্বান জনাইছে প্ৰধানমন্ত্ৰীয়ে। মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালেও প্ৰধানমন্ত্ৰীৰ এই আহ্বানৰ প্ৰতি গুৰুত্ব প্ৰদান কৰিবলৈ অসমবাসীক আহ্বান জনাইছে। 

Photo: Time8