22 C
Guwahati
Friday, January 21, 2022
More

    নলবাৰী চিকিৎসা মহাবিদ্যালয় হস্পিটেল চৌহদতে স্থাপন হ’ব কৰ্কট চিকিৎসালয়, মুখ্য মন্ত্ৰীৰ ঘোষণা

    নলবাৰী চিকিৎসা মহাবিদ্যালয় হস্পিটেল চৌহদতে স্থাপন হ’ব কৰ্কট চিকিৎসালয়, মুখ্য মন্ত্ৰীৰ ঘোষণা

    নলবাৰীত নিৰ্মীয়মাণ নলবাৰী মেডিকেল কলেজত আজি উপস্থিত হয় ৰাজ্যৰ মুখ্য মন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা।

    মুখ্য মন্ত্ৰী গৰাকীয়ে নলবাৰীৰ নিৰ্মীয়মাণ মেডিকেল কলেজ পৰিদৰ্শন কৰি ২০২২ চনত এই মেডিকেল  কলেজ মুকলি কৰা হ’ব বুলি ঘোষণা কৰে।

    মেডিকেল কলেজখনৰ বহিঃৰ্বিভাগত ২০২২ চনৰ নবেম্বৰ-ডিচেম্বৰ মাহত চিকিৎসা আৰম্ভ কৰা হ’ব বুলি মুখ্য মন্ত্ৰী শৰ্মাই কোৱাৰ লগতে ২০২৩ চনত মেডিকেল কলেজখনত নামভৰ্তি আৰম্ভ হ’ব বুলিও কয়।

    আনহাতে, নলবাৰী মেডিকেল কলেজ হস্পিটেলত ৬০০ ৰোগীৰ বাবে বিচনাৰ ব্যৱস্থা থকাৰ লগতে মুঠ ১০০ খন আই চি য়ু বিছনাৰ সুবিধা থাকিব বুলি মুখ্য মন্ত্ৰী গৰাকীয়ে উল্লেখ কৰে।

    ইপিনে, এই নিৰ্মীয়মান নলবাৰীৰ মেডিকেল কলেজত ১০০ গৰাকী চিকিৎসা বিজ্ঞানৰ ছাত্ৰই পাঠ গ্ৰহণ কৰিব পাৰিব বুলি সদৰী কৰি মুখ্য মন্ত্ৰী শৰ্মাই মেডিকেল কলেজখনৰ চৌহদতে নতুনকৈ কৰ্কট ৰোগৰ চিকিৎসালয় নিৰ্মাণ হ’ব বুলিও ঘোষণা কৰে।

    ইনপুট- হীৰক ডেকা

    আৰু পঢ়ক : নিৰ্দোষী লোকো জালত পৰিছে নেকি আৰক্ষীৰ! যোৰহাট কাণ্ডত আটক হোৱা সুভাষ বৰাৰ পক্ষত থিয় দিছে গাঁৱবাসী

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং