হেণ্ডশ্বেক দিয়াৰ পৰিৱৰ্তে নমস্কাৰ দিয়াৰ অভ্যাস গঢ়ি লওকঃ হিমন্ত বিশ্ব শৰ্মা

বিদ্যালয় বন্ধ কেৱল শিক্ষাৰ্থীৰ বাবে, শিক্ষকসকল বিদ্যালয় যাব লাগিব আৰু ওচৰৰ ৰাইজক কৰ'ণা ভাইৰাছ বিষয়ে সজাগ কৰাব লাগিব, যি বিদ্যালয়ে চৰকাৰৰ নিৰ্দেশ নামানে তেওঁলোকৰ ওপৰত ব্যৱস্থা গ্ৰহণ কৰা হ'ব

0
85

‘কৰ’ণা ভাইৰাছত ভাৰতত মৃত্যুৰ সংখ্যা লাহে লাহে বৃদ্ধি হৈছে। অসমত এতিয়া লৈকে পোৱা নাই। যোৰহাট মেডিকেল কলেজ পৰীক্ষা কৰিব পাৰিব।’- সংবাদমেলত এই কথা প্ৰকাশ কৰে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। GMCHত ২৯টা পৰীক্ষা কৰা হৈছে, ইয়াৰে ২৮টা নেগেটিভ। ১জনৰ বিষয়ে সন্ধিয়ালৈ জনাব। লাহোৱালটো ৬টা নেগেটিভ। যোৰহাটটো পৰীক্ষা আজি কৰা হৈছে। ফলাফল অহা নাই।’- এই ঘোষণা মন্ত্ৰীগৰাকীৰ।

অসমৰ বিভিন্ন হাস্পতালত মুঠ ৫০৭ আইছ’লেটেড বিছনাৰ ব্যৱস্থা কৰা হৈছে। ভেণ্টিলেচন ২৬৯খনৰ ব্যৱস্থা কৰা হৈছে। অসমৰ প্ৰতিখন বিমানবন্দৰত ঘৰুৱা যাত্ৰীকো পৰীক্ষা কৰা হ’ব। সংবাদ মাধ্যমযোগে এই কথা প্ৰকাশ কৰিলে হিমন্ত বিশ্ব শৰ্মাই। ‘বিদ্যালয় বন্ধ কেৱল শিক্ষাৰ্থীৰ বাবে, শিক্ষকসকল বিদ্যালয় যাব লাগিব আৰু ওচৰৰ ৰাইজক কৰ’ণা ভাইৰাছ বিষয়ে সজাগ কৰাব লাগিব, যি বিদ্যালয়ে চৰকাৰৰ নিৰ্দেশ নামানে তেওঁলোকৰ ওপৰত ব্যৱস্থা গ্ৰহণ কৰা হ’ব।’- ২৯ মাৰ্চলৈ সকলো স্কুল-কলেজ, চিনেমাগৃহ, জীম আৰু ছুইমিং পুল বন্ধৰ ঘোষণা কৰা সন্দৰ্ভত মন্তব্য মন্ত্ৰী শৰ্মাৰ।

ৰাজহুৱা অনুষ্ঠানসমূহো পৰিহাৰ কৰাৰ আহ্বান জনাই স্বাস্থ্য মন্ত্ৰীগৰাকীয়ে। হেণ্ডশ্বেক দিয়াৰ পৰিৱৰ্তে নমস্কাৰ দিয়াৰ অভ্যাস গঢ়ি তুলিবলৈ আহ্বান জনাই হিমন্ত বিশ্বই। ‘অসমবাসীয়ে ভয় খাব নালাগে, এতিয়ালৈকে সকলো কেছ নেগেটিভ পাইছে, ২টা ঘটনা বাদ দি আৰু সেই দুটাও সন্ধিয়া গম পাব। BTC নিৰ্বাচনৰ প্ৰাৰ্থীসকলে ৰাজহুৱা মিটিং কৰাৰ পৰিৱৰ্তে ঘৰে ঘৰে প্ৰচাৰ চলাবলৈ আহ্বান জনাই মন্ত্ৰীগৰাকীয়ে।

Photo: Time8