Breaking: কাগজ কলৰ কৰ্মচাৰীৰ সন্তানৰ বাবে বিশেষ আঁচনি ঘোষণা হিমন্ত বিশ্ব শৰ্মাৰ

এটা পৰিয়ালৰ প্ৰতিজন শিক্ষাৰ্থীয়ে লাভ কৰিব এককালীন অৰ্থ সাহায্য

0
66

দিছপুৰত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সংবাদমেল। কাগজ কলৰ কৰ্মচাৰীৰ ছাত্র-ছাত্ৰীৰ বাবে বিশেষ আঁচনি ঘোষণা হিমন্ত বিশ্ব শৰ্মাৰ।

নগাঁও, কাছাৰ, জাগীৰোড কাগজ কলৰ কৰ্মচাৰীৰ সন্তানৰ মেডিকেল, ইঞ্জিনীয়াৰিং, আন কাৰিকৰী শিক্ষাগ্ৰহণৰ বাবে ১ লাখ টকা, স্নাতকোত্তৰ, গৱেষণা কৰি থকা শিক্ষাৰ্থীৰ বাবে ৭৫,০০০ টকা, স্নাতক পঢ়ি থকা ছাত্ৰ-ছাত্ৰীৰ বাবে ৫০,০০০ টকা, উচ্চতৰ মাধ্যমিকৰ ছাত্ৰ-ছাত্ৰীৰ বাবে ২৫,০০০ টকা আৰু বিদ্যালয়ত পঢ়ি থকা ছাত্ৰ-ছাত্ৰীৰ বাবে ১০,০০০ টকাৰ এককালীন সাহায্য ঘোষণা কৰা হৈছে।

এটা পৰিয়ালৰ প্ৰতিজন শিক্ষাৰ্থীয়ে লাভ কৰিব এই সাহায্য। ১৪-২০ জানুৱাৰীত মুকলি হ’ব বিত্ত বিভাগৰ অনলাইন পৰ্টেলত প্ৰ-পত্ৰ পূৰণৰ প্ৰক্ৰিয়া। ৩০ জানুৱাৰীৰ ভিতৰত আবেদন জমা দিব লাগিব শিক্ষাৰ্থীয়ে।

Photo: Time8