শিলাদিত্যৰ জখমত নিমখ ছটিয়ালে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাইঃ “টিকট নাপালে ক্ষোভ থকাটো স্বাভাৱিক”

0
588
শিলাদিত্যৰ বিষত নিমখ ছটিয়ালে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাইঃ

শিলাদিত্যৰ জখমত নিমখ ছটিয়ালে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাইঃ “টিকট নাপালে ক্ষোভ থকাটো স্বাভাৱিক”

ৰাজ্যৰ নিৰ্বাচনী বতাহ। প্ৰতিটো সময়তে ৰাজনৈতিক প্ৰেক্ষাপটত দলত্যাগৰ যোগদানে নতুন মোৰ লৈছে।

শেহতীয়াকে বিজেপি অন্যতম বিতৰ্কিত হোজাইৰ বিধায়ক শিলাদিত্য দেবে টিকট নাপায় দলত্যাগ কৰাত ৰাজনৈতিক মহলত যথেষ্ট চৰ্চা লাভ কৰিছে। বুধবাৰে নিশা বিজেপিৰ মুখ্য কাৰ্যলয়ত পদত্যাগ পত্ৰ দাখিল কৰে বিধায়কগৰাকীয়ে।

“দুই এদিনতে ঠিক হ’ব সকলো ৷ টিকট নাপালে ক্ষোভ থকাটো স্বাভাৱিক ৷” শিলাদিত্য দেবে দলত্যাগ কৰাৰ সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰে হিমন্ত বিশ্ব শৰ্মাই।

লগত ৰিপুন বৰাত ক্ষুৰধাৰ সমালোচনা কৰি মন্ত্ৰী শৰ্মাই কয় -“বাংলাদেশ ছেবাত ডিষ্ট্ৰিংচন পাব ৰিপুন বৰাই ৷বাংলাদেশত গোটেইখিনি মানুহৰ লগত লগ হৈ আজমলৰ লগত ৰিপুন বৰাই মুখ্যমন্ত্ৰী হ’লে হ’ব পাৰিব।বিজেপিত এতিয়া সকলো নতুন মুখ্যমন্ত্ৰীয়েই হওক, সভাপতি হওক বা ময়েই ৷”

লগতে দিলীপ পালৰ চিণ্ডিকেট বিষয়ত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয়-“টিকট নাপালে এনেকুৱা অভিযোগ দিবই ৷ এইবোৰত মই নাই ৷তেওঁৰ কাৰ্যকালত এনে অভিযোগ কৰা হয় আমি তদন্ত কৰিবলৈ দিলো হয়।”

আৰু পঢ়ক : ৰাম মন্দিৰত বয়োজ্যোষ্ঠ সকলৰ বিনামূলীয়া ভ্ৰমণ কৰোৱা হ’ব: অৰবিন্দ কেজৰিবাল