“কৰ’ণা বিয়পাৰ খবৰটো অতিৰঞ্জিত কৰিছে। অসমত ক’ভিড প্ৰট’কলৰ প্ৰয়োজন নাই।মাস্ক পৰিধান কৰক আৰু সামাজিক দূৰত্ব বজাই ৰাখক। ৰাইজ আতংক নহ’ব।”
ৰাজ্যত পুনৰ কৰ’ণাতংক।ইফালে ৰাজ্যত পুনৰ লকডাউনৰ ভুৱা খবৰ প্ৰকাশ পোৱাৰ পাছতে কৰ’ণাৰ সংক্ৰমনক লৈ হোজাইত হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য।
“ৰাজ্যত কালি ১৪ জন আৰু পৰহি ৭ জন আক্ৰান্ত হৈছে গতিকে চিন্তাৰ কাৰণ নাই। প্ৰতিদিনে ৩৫০০ আক্ৰান্ত হোৱাৰ সময়ত আমি লকডাউন দিয়া নাই ।নতুন ক’ভিড প্ৰট’কলৰ একো প্ৰয়োজন নাই। কিবা প্ৰয়োজন থাকিলে জনাম।” সদ্যহতে ৰাজ্যত লকডাউন নহয় বুলি ঘোষণা কৰে মন্ত্ৰীগৰাকীয়ে।
আৰু পঢ়ক : “বিজেপিয়ে অসমত চৰকাৰ গঠন কৰিব আৰু কংগ্ৰেছে বাংলাদেশত চৰকাৰ গঠন কৰিব” হিমন্ত বিশ্ব শৰ্মা