“বিজেপিয়ে অসমত চৰকাৰ গঠন কৰিব আৰু কংগ্ৰেছে বাংলাদেশত চৰকাৰ গঠন কৰিব” হিমন্ত বিশ্ব শৰ্মা :-
নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে ৰাজ্যত এতিয়া শাসনাধীস্থ বিজেপি চৰকাৰৰ আধাৰশিলা স্থাপন আৰু প্ৰকল্প উদ্বোধনৰে ৰাজনীতি তৎপৰতা বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে। লগতে শাসক বিৰোধীৰ বাক যুদ্ধও তুংগত উঠিছে ।
মঙলবাৰে ৰাজ্যৰ প্ৰতাপী মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই শদিয়াত উপস্থিত হৈ ২০ কোটি ৫০ লাখ টকাৰ ব্যয় সাপেক্ষে নিৰ্মান সম্পূৰ্ন কৰা এশখন বিচনাযুক্ত শদিয়া মহকুমা অসামৰিক চিকিৎসালয়ৰ নতুন ভৱনটো শুভ উদ্বোধন কৰে। লগতে শদিয়াত শীঘ্ৰে নাৰ্ছিং প্ৰশিক্ষণ কেন্দ্ৰ এটা স্থাপন কৰাৰ কথা ঘোষণা কৰাৰ লগতে শদিয়া মহাবিদ্যালয়ৰ গাঁৱৰ পৰা অহা যোৱা কৰা ছাত্ৰ ছাত্ৰী সকলৰ সুবিধাৰ বাবে দুখন নতুন বাছ দিয়াৰ কথা ঘোষণা কৰে ।
উল্লেখযোগ্য যে , সাংবাদিকে ৰাজনীতি সন্দৰ্ভত কৰা এটা প্ৰশ্নৰ উত্তৰত মন্ত্ৰী গৰাকীয়ে – ” বিজেপিয়ে অসমত চৰকাৰ গঠন কৰিব আৰু কংগ্ৰেছে বাংলাদেশত চৰকাৰ গঠন কৰিব ” বুলি মন্তব্য প্ৰকাশ কৰে।
ইনপুট ক্ৰেডিটঃ জয়ন্ত মৰাণ
আৰু পঢ়ক : চলন্ত গাড়ীত মালিকে ধৰ্ষণ কৰি আছিল মহিলাকঃ চালকে নিৰ্বিঘ্নে চলাই লৈ গ’ল গাড়ী