29 C
Guwahati
Thursday, June 24, 2021
  • মুখ্যপৃষ্ঠা
  • ভিডিঅ’
  • টাইমকাষ্ট
More

    নতুন ৰাজনৈতিক দলে ৭০০ ৰ পৰা ১৫০০ ভোট পাব,পিছত মই মেজিক কৰা বুলি নক’ব: হিমন্ত

    আগন্তুক বিধানসভা নিৰ্বাচন সমাগত । প্ৰাক-নিৰ্বাচনী যুঁজত উঠি পৰি লাগিছে সকলো দল সংগঠন । ইয়াৰ মাজতে ১৪ চেপ্তেম্বৰত আছু-এ জে ৱাই চি পিয়ে ঘোষণা কৰে নতুন ৰাজনৈতিক দল অসম জাতীয় পৰিষদৰ ।

    ইয়াৰ পিছতে আছু-এ জে ৱাই চি পিৰ নতুন দলৰ ওপৰত মন্তব্য প্ৰকাশ কৰে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই । মন্ত্ৰী গৰাকীয়ে কয় যে ”নিৰ্বাচনৰ বতৰ হ’লে এনে দল, নেতা, সমাজ সেৱক ওলায়েই। একো ডাঙৰ কথা নহয়”।

    লগতে কয় যে ” প্ৰতিটো সমষ্টিত তেওঁলোকে ৭০০ ৰ পৰা ১৫০০ ভোট পাব। মোৰ কথা সত্য প্ৰমাণিত হ’লে পাছত নক’ব আৰু মই মেজিক কৰিছো বুলি”। আপোনালোকে বাৰু পেটত সোমাই চাইছে নেকি যে সঁচাকৈয়ে তেওঁলোক CAA বিৰোধী বুলি প্ৰশ্ন মন্ত্ৰী হিমন্তৰ ।

    তদুপৰি কৃষক মুক্তিত কৃষক ক’ত আছে বুলি প্ৰশ্ন মন্ত্ৰী হিমন্তৰ । ৰাজনৈতিক দলৰ নামত চান্দা তোলাটো বন্ধ হ’ব লাগে বুলি মন্তব্য প্ৰকাশ কৰে মন্ত্ৰী শৰ্মাই ।

    Photo credit : Time8

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং