থানাত হাজিৰ হ’ব নালাগে হিমাংশু গগৈ; ফেচবুকযোগে হিমন্ত বিশ্ব শৰ্মাক প্ৰত্যাহ্বান জনাইছিল যুৱকজনে

আজি ফটাশিল থানাত হাজিৰ হোৱাৰ নিৰ্দেশ দিছিল আৰক্ষীয়ে

0
82

থানাত হাজিৰ হ’ব নালাগে হিমাংশু গগৈ। কিছুদিন পূৰ্বে হিমন্ত বিশ্ব শৰ্মাক ছচিয়েল মিডিয়াত সমালোচনা কৰি আৰক্ষীৰ ৰোষত পৰিছিল বায়ুসেনাৰ প্ৰাক্তন কৰ্মচাৰী হিমাংশু গগৈ। হিমন্ত বিশ্ব শর্মাই ‘গগৈ’ সন্দৰ্ভত কৰা এক মন্তব্যৰ প্ৰসংগত মন্ত্ৰীজনক উভতি ধৰিছিল সেনাবাহিনীৰ এজন প্ৰাক্তন সদস্যই। হিমন্ত বিশ্ব শৰ্মাতকৈ ভাল ইংৰাজী ক’ব পাৰো বুলি দাবী কৰি হিমাংশুৱে অসম চুক্তি ৰূপায়ন বিভাগৰ প্ৰাক্তন মন্ত্ৰী হিচাপে হিমন্ত বিশ্বই কি কৰিলে বুলি সমালোচনা কৰিছিল এটা ভিডিঅ’যোগে। হিমাংশুই ভিডিঅ’টোৰ কেপচনত লিখিছিল ‘আগবঢ়ালো, জেইলত ভৰালে কোনোবাই উলিয়াই আনিব কিন্তু !

ভাইৰেল হোৱা VIDEO

হিমন্ত বিশ্বক প্ৰত্যাহ্বান জনোৱা এই ভিডিঅ’টো ভাইৰেল হোৱাৰ লগে লগে তেওঁক লতাশিল থানাত হাজিৰ হ’বলৈ নিৰ্দেশ দিছিল। থানাত হাজিৰ হ’ব দিয়াৰ কথা হিমাংশুৱে আন এটা পোষ্টযোগে জনাইছিল।

সোমবাৰৰ পোষ্ট

আজি ফটাশিল থানাত হাজিৰ হোৱাৰ নিৰ্দেশ দিছিল আৰক্ষীয়ে। কিন্তু কিছু সময় পূৰ্বে থানালৈ আহিব নালাগে বুলি ক’লে বায়ুসেনাৰ প্ৰাক্তন কৰ্মচাৰী হিমাংশু গগৈক। থানাত হাজিৰ হোৱাৰ পূৰ্বে পুনৰ হিমন্ত বিশ্ব শৰ্মাক চেলেঞ্জ কৰিছিল হিমাংশুৱে।