19 C
Guwahati
Wednesday, December 1, 2021
More

    বিজেপি জয়ী হ’লে জালুকবাৰীৰ দৰে জাকত-জিলিকা হ’ব সৰুপথাৰ : হিমন্ত বিশ্ব

    সৰুপথাৰ সমষ্টিৰ বিজেপি প্ৰাৰ্থী বিশ্বজিৎ ফুকনৰ হৈ নিৰ্বাচনী প্ৰচাৰত নামিছে ড০ হিমন্ত বিশ্ব শৰ্মাই৷

    গোলাঘাটৰ পোৰাবাংলাত অনুস্থিত এক সভাত কেইবা সহস্ৰাধিক লোকৰ উপস্থিতিত হিমন্ত বিশ্ব শৰ্মাই মিত্ৰজোঁটৰ প্ৰাৰ্থীগৰাকী বিজয়ী হ’লে সৰুপথাৰ সমষ্টিটো জালুকবাৰী সমষ্টিৰ নিচিনা জাকত-জিলিকালৈ ৰূপান্তৰিত হ’ব বুলি ঘোষণা কৰে।

    আনহাতে সমষ্টিটোত দীৰ্ঘদিন ধৰি কংগ্ৰেছৰ প্ৰাৰ্থীগৰাকী জয়ী হৈ আহিছে যদিও বিধায়কজনে সমষ্টিটো উন্নয়নৰ ক্ষেত্ৰত কোনোধৰণৰ পদক্ষেপ গ্ৰহণ নকৰিলে বুলি মন্ত্ৰীগৰাকীয়ে তীব্ৰ সমালোচনা কৰে।

    এইবাৰ সাধাৰণ ৰাইজে উন্নয়নৰ স্বাৰ্থত বিজেপিক ভোট দিয়াৰ লগতে সৰুপথাৰ সমষ্টিত বিজেপি প্ৰাৰ্থী বিশ্বজিৎ ফুকন বিপুল ভোটত জয়ী হ’ব বুলি ঘোষণা কৰে।

    পুনৰ ৰাজ্যত বিজেপি দল শাসনত আহিলে ছাত্ৰ-ছাত্ৰীসকলক বিনামূলীয়া পাঠদান, মহিলাসকলৰ বাবে বিভিন্ন ধৰণৰ আঁচনি গ্ৰহণ কৰিব বুলিও কয় মন্ত্ৰী শৰ্মাই।

    উক্ত নিৰ্বাচনী সভাত অগপৰ সভাপতি তথা কৃষি মন্ত্ৰী অতুল বৰাইও অংশগ্ৰহণ কৰি কংগ্ৰেছ আৰু এ আই ইউ ডি এফ দলক তীব্ৰ সমালোচনা কৰে।

    সকলো সৰুপথাৰবাসীক এইবাৰ নিৰ্বাচনত বিজেপি-অগপৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী বিশ্বজিৎ ফুকনক ভোটদান কৰিবলৈ আহ্বান জনাই মন্ত্ৰী বৰাই।

    নিৰ্বাচনী সভাৰ অন্তত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা “আকৌ এবাৰ মোদী চৰকাৰ” শীৰ্ষক গীতটিত নাঁচি সকলো ৰাইজক আমোদ দিয়া পৰিলক্ষিত হয়।

    আনহাতে সমষ্টিটোৰ বিজেপি দলৰ প্ৰাৰ্থী বিশ্বজিৎ ফুকন যদি নিৰ্বাচনত জয়ী হয় তেতিয়া বিধায়কৰ দৰমহা নিজৰ কামত ব্যৱহাৰ নকৰি ৰাইজৰ বাবে আগবঢ়োৱাৰ কথা ঘোষণা কৰে৷

    আৰু পঢ়ক : কংগ্ৰেছক দিয়া প্ৰতিটো ভোটে আমাক আজমলৰ ওচৰত আত্ম সমৰ্পন কৰিবলৈ বাধ্য কৰিব: হিমন্ত বিশ্ব

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং