অসমত আৰু পাঁচখন সৈনিক স্কুল স্থাপনৰ বাবে প্ৰতিৰক্ষা মন্ত্ৰীক অনুৰোধ মুখ্যমন্ত্ৰীৰ

0
630
অসমত আৰু পাঁচখন সৈনিক স্কুল স্থাপনৰ বাবে প্ৰতিৰক্ষা মন্ত্ৰীক অনুৰোধ
ফটো : টুইটাৰ

অসমত আৰু পাঁচখন সৈনিক স্কুল স্থাপনৰ বাবে প্ৰতিৰক্ষা মন্ত্ৰীক অনুৰোধ মুখ্যমন্ত্ৰীৰ

বৰ্তমান দেশৰ ৰাজধানী নতুন দিল্লীত বাহৰ পাতি থকা অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙক সাক্ষাত কৰে।

সাক্ষাতৰ সময়ত মুখ্যমন্ত্ৰী শৰ্মাই ৰাজ্যখনত আৰু পাঁচখন সৈনিক স্কুল স্থাপনৰ অনুমতি দিবলৈ কেন্দ্ৰীয় মন্ত্ৰীগৰাকীক অনুৰোধ জনায়।

মুখ্যমন্ত্ৰীয়ে কৰা এক টুইট অনুসৰি, গোলাঘাট, কাছাৰ, ধেমাজি, কাৰ্বি আংলং আৰু কোকৰাঝাৰ জিলা প্ৰশাসনে ইয়াৰ বাবে প্ৰয়োজনীয় ভূমি চিনাক্ত কৰিছে।

মুখ্যমন্ত্ৰীয়ে লগতে প্ৰতিৰক্ষা মন্ত্ৰীক যোগাযোগ তথা সংযোগ বৃদ্ধি কৰাৰ প্ৰতি লক্ষ্য ৰাখি সীমান্ত পথ সংস্থাৰ পৰিকল্পনা অনুসৰি তেজপুৰত নিৰ্মাণ হ’বলগীয়া ব্ৰহ্মপুত্ৰ পানী সুৰংগ প্ৰকল্পটোৰ কাম ত্বৰান্বিত কৰাৰ বাবেও অনুৰোধ জনায়।

ইয়াৰ পূৰ্বে অৰ্থাত বুধবাৰে অসমৰ মুখ্যমন্ত্ৰীয়ে দিল্লীত কেন্দ্ৰীয় পথ আৰু পৰিবহণ মন্ত্ৰী নীতিন গাডকাৰীক সাক্ষাৎ কৰি ৰাজ্যখনত ৰূপায়ণ হৈ থকা বিভিন্ন ৰাষ্ট্ৰীয় ঘাইপথ প্ৰকল্পৰ স্থিতি সম্পৰ্কে আলোচনা কৰে।

এই সাক্ষাত সম্পৰ্কে মুখ্যমন্ত্ৰীয়ে কৈছিল যে তেওঁ কাজিৰঙা এলিভেটেড হাইৱেজ প্ৰকল্প আৰু বন্যপ্ৰাণী সংৰক্ষণৰ বাবে ইয়াৰ গুৰুত্বৰ বিষয়ে আলোচনা কৰা হৈছিল।

আৰু পঢ়ক : ১০ বছৰে সন্ধান নাই মনবাহাদুৰ ছেত্ৰীৰ, কামলৈ বুলি ওলাই গৈ আজিকোপতি উভতি নাহিল