25 C
Guwahati
Wednesday, April 21, 2021
  • মুখ্যপৃষ্ঠা
  • ভিডিঅ’
  • টাইমকাষ্ট
More

    শিৱসাগৰ মন্ত্ৰী হিমন্ত বিশ্ব! আত্মসহায়ক গোটৰ মহিলাক দিয়া ঋণ ঘূৰাই দিব নালাগে বেংকক

    অসম চৰকাৰৰ ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ পঞ্চায়ত আৰু গ্রামোন্নয়ন বিভাগ শিৱসাগৰ জিলা প্ৰশাসন তথা শিৱসাগৰ জিলা পৰিষদৰ সহযোগত হাঁহচৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত অনুষ্ঠিত হয় মহিলা সমাৰোহ।

    আত্মসহায়ক গোটৰ মহিলা সকলক মুখ্য কৰি মহিলা সৱলীকৰণৰ ক্ষেত্ৰত অগ্ৰাধিকাৰ দি কনকলতা আঁচনিৰ অধীনত ৫০ হাজাৰকৈ টকা দ্বিতীয় কিস্তিৰ প্রদান কৰে ।

    গেৰুৱা দলৰ চৰকাৰ খনে কনকলতা আঁচনিখন সন্নিৱিষ্ট কৰা হৈছে প্রথম কিস্তিত ২৫ হাজাৰ, দ্বিতীয় কিস্তিত ৫০ হাজাৰ, তৃতীয় কিস্তিত ১ লাখ আৰু চতুৰ্থ কিস্তিত ২ লাখ । ৪ লাখ টকালৈ বৃদ্ধি ঋণ।

    এই ধনৰাশি বেংকত ঘূৰাব নালাগে। শিৱসাগৰত ৬৬৩৭ টা আত্মসহায়ক গোটৰ ভিতৰত ২৬৪৭ টা গোটে লাভ কৰিছে এই টকা। এই আঁচনিৰ জৰিয়তে সর্বমুঠ ছয় কোটি টকা মুকলি কৰা হৈছে।

    লগতে জিলাখনৰ জীৱিকা সখীৰ ১০৪ গৰাকী মহিলাক একোখনকৈ স্কুটি দিয়া হৈছে। এই আঁচনিৰ জৰিয়তে মহিলা সকল অধিক স্বাৱলম্বী হ’ব বুলি মন্তব্য কৰিছে । মুখ্য অতিথি হিচাপে উপস্থিত থাকে শিক্ষা, বিত্ত,স্বাস্থ্য আৰু লোক নিৰ্মাণ বিভাগৰ মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা।

    আৰু পঢ়ক : লাইকা-দধিয়াৰ প্ৰতিটো ভূমিহীন পৰিয়াললৈ ১ লাখকৈ টকা ৰাজ্য চৰকাৰৰ

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং