
ভাস্কৰ জ্যোতি মহন্তৰ উত্তৰসূৰী কোন হ’ব তাক লৈ বিগত দিন কেইটাত চলি থকা চৰ্চাৰ আজি অন্ত পেলালে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই।
অসমৰ পৰৱৰ্তী আৰক্ষী সঞ্চালক প্ৰধান হ’ব জ্ঞানেন্দ্ৰ প্ৰতাপ সিং চমুকৈ জি পি সিং। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি কলাক্ষেত্ৰত অনুষ্ঠিত এক অনুষ্ঠানত অংশ লৈ এই ঘোষণা কৰে।
৩১ জনুৱাৰিত অন্ত পৰিব বৰ্তমানৰ আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰ জ্যোতি মহন্তৰ কাৰ্যকাল।
উল্লেখ্য যে মুখ্যমন্ত্ৰী শৰ্মাৰ অতি ঘনিষ্ঠ বুলি পৰিচিত ১৯৯১ চনৰ আই পি এছ বিষয়া তথা বৰ্তমানৰ বিশেষ আৰক্ষী সঞ্চালক প্ৰধান হিচাপে দায়িত্বত আছে জি পি সিং।
আৰম্ভণিৰে পৰা আৰক্ষী সঞ্চালক প্ৰধানৰ প্ৰৱল দাবীদাৰৰ ৰূপত থকা জি পি সিঙে অহা পাঁচ বছৰলৈ ৰাজ্যৰ এই দায়িত্ব পালন কৰাৰ সুযোগ লাভ কৰিব।
ইফালে মুখ্যমন্ত্ৰীৰ এই ঘোষণাৰ পিছতে জি পি সিঙে নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি মুখ্যমন্ত্ৰীক ধন্যবাদ জ্ঞাপন কৰে।
তেওঁ কয়, ‘মুখ্যমন্ত্ৰীয়ে মোক আৰক্ষী সঞ্চালক প্ৰধানৰ এনে দায়িত্ব দিয়াৰ বাবে ধন্যবাদ দিছো৷ অসমক দেশৰ ভিতৰত ৫ নম্বৰ হিচাপে গঢ়ি তুলিব লাগিব৷ অসমৰ ৰাইজৰ স্বাৰ্থত মই কাম কৰি যাম’।