28 C
Guwahati
Wednesday, June 16, 2021
  • মুখ্যপৃষ্ঠা
  • ভিডিঅ’
  • টাইমকাষ্ট
More

    ছ’চিয়েল মিডিয়াত হিন্দু-মুছলমান বিতৰ্ক! কিয় এক্সন নলয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই, ক’লে…

    ছ’চিয়েল মিডিয়াত হিন্দু-মুছলমান বিতৰ্ক! কিয় এক্সন নলয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই, ক’লে…

    এমাহ সম্পূৰ্ণ হ’ল মুখ্যমন্ত্ৰী হিচাপে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। আজি বিভিন্ন বিষয়ৰ ওপৰত শৰ্মাই এক সংবাদমেল অনুষ্ঠিত কৰে। এই সংবাদ মেলত বিভিন্ন বিষয়ৰ ওপৰত আলোচনা হয়।

    বহু সময়ত ছ’চিয়েল হিন্দু-মুছলমান বিতৰ্ক হোৱা দেখা যায়। এই ক্ষেত্ৰত সাংবাদিকে প্ৰ‌শ্নৰ উত্তৰত মুখ্যমন্ত্ৰী গৰাকীয়ে কয় যে “কেৱল হিন্দু মানুহেই নহয় বহু মুছলমান ল’ৰাইও বহু সময়ত হিন্দুৰ বিৰুদ্ধে লিখে। এইবাৰ তেতিয়া বন্ধ হ’ব যেতিয়া আমি মানুহৰ মৌলিক সমস্যা সমূ্হৰ ওপৰত কাম কৰিম”।

    লগতে কয় যে “গণতন্ত্ৰৰ এয়া সকলোৰে অধিকাৰ আছে ্্ । নিৰ্বাচনৰ পিছত প্ৰায় ৩ মাহ মানলৈ এই সমূহ চলি থাকে। এইক্ষেত্ৰত পশ্চিম বংগত বহুত বেছি। অসমত কেৱল ফেচবুকৰ যুদ্ধ চলিছে। পশ্চিম বংগৰ তুলনাত আমাৰ ইয়াত একোৱে নাই আৰু আমি নিবিচাৰোঁ”।

    “এই সমূহ প্ৰায় ৩ মাহ মান চলিব তাৰপিছত পাহৰি যাব। বানপানী আহিব তেতিয়া হিন্দু মুছলমান উভয়ে উভয় সহায় কৰিবলৈ আগবাঢ়ি আহিব। আমি এখন ধৰ্মনিৰপেক্ষ দেশত বাস কৰো। কিন্তু এক্সন ল’লে এইবোৰ বাঢ়ি যাব। লিখিলে খঙটো ওলাই যায় কিন্তু আইন হাতত তুলি ল’বলৈ দিয়া নহ’ব । এটা পৰ্যায়ৰ বাহিৰত যাব নিদিও। এটা সময়ত দেখিব এই সকল লোকেই সহায় কৰিব আগবাঢ়ি আহিব”। এনেদৰে কয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

    আৰু পঢ়ক : দেশৰ সকলোতকৈ চমৎকাৰী বাবা, যাৰ ওচৰলৈ আহিছিল দেশ-বিদেশৰ বহু নামি-দামি লোক

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published